HSLC 2023:মেট্ৰিকত চতুৰ্থ স্থানপ্ৰাপ্ত জুবেইৰক লৈ শোভাযাত্ৰা বিদ্যালয় শিক্ষক-শিক্ষাৰ্থীৰ

By

Published : May 25, 2023, 12:00 PM IST

thumbnail

বৰপেটা, ২৫ মে’: সোমবাৰে ঘোষণা কৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত বৰপেটাৰ ছেইন্ট টেৰেছা ইংলিছ মিডিয়াম স্কুলৰ ছাত্ৰ জুবেইৰ ইছলামে চতুৰ্থ স্থান লাভ কৰি গৌৰৱ কঢ়িয়াই অনাক লৈ বৰপেটাত আনন্দ-উল্লাস দেখিবলৈ পোৱা গৈছে ৷ বুধবাৰে বৰপেটাৰ ছেইন্ট টেৰেছা ইংলিছ মিডিয়াম স্কুলখনৰ ছাত্ৰ ছাত্ৰী, শিক্ষক আৰু স্কুল কতৃপক্ষই সত্ৰনগৰী বৰপেটালৈ গৌৰৱ কঢ়িয়াই অনা জুবেইৰ ইছলামক লৈ বৰপেটাত এক শোভাযাত্ৰা উলিয়ায় (HSLC result 2023) ৷ উল্লেখ্য যে, সোমবাৰে ছেবাই ফলাফল ঘোষণা কৰাৰ সময়ত বৰপেটাত উপস্থিত নাছিল জুবেইৰ ৷

আনকি সোমবাৰে দুপৰীয়া ১ বজালৈকে পৰীক্ষাৰ ফলাফলেই লাভ কৰা নাছিল জুবেইৰে ৷ বহু সময়ৰ পাচতহে ৰাজ্যখনৰ ভিতৰত চতুৰ্থ স্থান লাভ কৰাৰ খবৰ লাভ কৰিছিল জুবেইৰে (HSLC 4th rank) ৷ হোজাইৰ আজমল চুপাৰ 40 ত অধ্যয়ন কৰি থকা জুবেইৰ সোমবাৰে নিশাহে ঘৰ আহি পাইছিলহি ৷ ঘৰলৈ আহি বিদ্যালয়খনত উপস্থিত হোৱাৰ পাচতে এক আনন্দ উল্লাসৰ পৰিৱেশে বিৰাজ কৰে ৷ ভৱিষ্যতে চিকিৎসক হোৱাৰ সপোন পুহি ৰখা জুবেইৰে আজৰি সময়ত বেডমিন্টন খেলি আৰু কিতাপ পঢ়ি ভাল পায় (HSLC exam 4th position) ৷ এগৰাকী ভাল মানুহ হিচাপে সমাজত পৰিচিত হ’ব খোজা জুবেইৰলৈ আমাৰো থাকিল অভিনন্দন ৷

লগতে পঢ়ক : HSLC result 2023: লখিমপুৰৰ পাঁচ মেধাবীয়ে দখল কৰিলে শীর্ষস্থান

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.