HSLC result 2023: লখিমপুৰৰ পাঁচ মেধাবীয়ে দখল কৰিলে শীর্ষস্থান

By

Published : May 22, 2023, 3:37 PM IST

Updated : May 25, 2023, 6:13 AM IST

thumbnail

লখিমপুৰ ২২ মে’: হাইস্কুল শিক্ষান্ত পৰীক্ষাত পূৰ্বৰ দৰে এইবাৰো গৌৰৱৰ ধাৰা অক্ষুন্ন হৈ ৰ’ল লখিমপুৰ জিলাৰ । আজি ফলাফল ঘোষণা কৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত জিলাখনৰ পাঁচ মেধাৱীয়ে শীর্ষ দহটাৰ ভিতৰত পাঁচটা স্থান লাভ কৰি জিলাখনক গৌৰৱাম্বিত কৰি তোলে (HSLC Toppers 2023) । এই পৰীক্ষাত চতুর্থ স্থান লাভ কৰে সোণাপুৰ পুখুৰীপৰীয়া হাইস্কুলৰ ৰাজীৱ পালে । পঞ্চম স্থান লাভ কৰে ছেইন্ট মেৰীজ স্কুলৰ কিন্নৰী দত্তই । একেখন বিদ্যালয়ৰ অংকিতা দত্তই লাভ কৰে নৱম স্থান (SEBA Assam HSLC Results 2023)।

দুগৰাকীকৈ ছাত্রীয়ে শীৰ্ষ স্থান লাভ কৰা ছেইন্ট মেৰীজ স্কুলত বয় আনন্দৰ ঢৌ । আনহাতে ধলপুৰ হাইস্কুলৰ কুলদীপ হাজৰিকাই অষ্টম আৰু ব্ৰকফিল্ড স্কুলৰ পলক জাজুৱে নৱম স্থান লাভ কৰে । এই ফলাফলৰ পাচত ঢোল-তাল বজাই উল্লাসত ফাটি পৰে ছাত্র-ছাত্রীসকল । উষ্ম আদৰণি জনোৱা হয় স্থানপ্ৰাপ্ত ছাত্রী দুগৰাকীক । স্কুলখনৰ পৰা নৱম স্থানপ্ৰাপ্ত অংকিতা দত্তই এই সাফল্যত সুখী বুলি কয় ।

লখিমপুৰৰ এল টিকে কলেজৰ অধ্যক্ষ ড৹ বুবুল শইকীয়া আৰু শিক্ষয়িত্ৰী ড৹ বেবী চেতিয়াৰ একমাত্ৰ কন্যা অংকিতা ৷ বৰ্তমান লখিমপুৰতে অধ্যয়ন কৰি পিতৃৰ পদাংক অনুকৰণ কৰি ভৱিষ্যতে এগৰাকী প্ৰৱক্তা হোৱাৰ মন অংকিতাৰ । আনহাতে স্কুলখনৰ পৰা পঞ্চম স্থান লাভ কৰা চাবতি নিবাসী প্ৰণৱ দত্ত আৰু শিক্ষয়িত্ৰী নীলাক্ষী দস্তিদাৰৰ কন্যা কিন্নৰী দত্তৰ ভবিষ্যতে এগৰাকী চিকিৎসক হোৱাৰ মন । এই লক্ষ্যৰে সম্প্ৰতি তেওঁ লখিমপুৰতে অধ্যয়ন কৰিব বুলি উল্লেখ কৰে (SEBA Assam HSLC Results 2023)।

লগতে পঢ়ক : HSLC result 2023:পঞ্চম স্থান দখল মহানগৰীৰ কাহিলিপাৰাৰ উপকূল পৰাশৰৰ

Last Updated : May 25, 2023, 6:13 AM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.