Mariani erosion news:মৰিয়নীত পূৰ্বে গঞাই দেখা নাই এনেদৰে মাটি খহা !

By

Published : Jul 17, 2023, 10:05 PM IST

thumbnail

যোৰহাট, 17 জুলাই : খহনীয়াত সৰ্বস্বান্ত হৈ চকুলো টোকাৰ বাহিৰে অন্য উপায় নাই নৈপৰীয়া ৰাইজৰ ৷ জাঁজী বুকুত জাহ গৈছে নৈপৰীয়া ৰাইজৰ মাটি-ভেটি আৰু কৃষি ভূমি ৷ ৰাজ্যত হৈ থকা নেৰানেপেৰা বৰষুণ ফলত নদী-উপনদীসমূহ ফেনে-ফুটুকাৰে বাঢ়ি অহাৰ ফলত বানে কালৰূপ ধাৰণ কৰাৰ সমান্তৰালকৈ ঠায়ে ঠায়ে আৰম্ভ হৈছে গৰাখহনীয়া । ব্যতিক্ৰম নহয় যোৰহাট জিলাৰ অন্তৰ্গত মৰিয়নী সমষ্টি ।

বৰ্তমান সময়ত মৰিয়নীত গৰাখহনীয়াই বিধ্বংসী ৰূপ ধাৰণ কৰা পৰিলক্ষিত হৈছে ৷ নিশাটোৰ ভিতৰতে নদীৰ বুকুত বিলীন হৈছে দৰিদ্ৰ পৰিয়াল মাটি-ভেটি লগতে কৃষি পথাৰ । তাৰ ফলস্বৰূপে গৰাখহনীয়াৰ দু:চিন্তাই নিদ্ৰা হৰণ কৰিছে ৰাইজৰ । মৰিয়নীৰ মাজেৰে পাৰ হৈ যোৱা জাঁজী নদীৰ খহনীয়াই ইতিমধ্যে বিধ্বংসী ৰূপ ধাৰণ কৰিছে । জাঁজী নদীৰ বুকুত বিলীন হৈ গৈছে শ শ বিঘা কৃষিভূমিৰ লগতে বহুলোকৰ ঘৰবাৰী ।

মৰিয়নীৰ টেঙাবাৰী অঞ্চলত নদীৰ খহনীয়াৰ কবলত সৰ্বস্বান্ত হৈ পৰিছে নৈপৰীয়া ৰাইজ । কিন্তু ইয়াৰ পিচতো জলসম্পদ বিভাগে কোনো ধৰণৰ গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ নকৰাত জাঁজীৰ বুকুত নিতৌ জাহ যাব ধৰিছে ঘৰ-দুৱাৰ লগতে কৃষিভূমিও । আনহাতে খহনীয়াত ঘৰ-বাৰী হেৰুৱাই নিথৰুৱা হৈ পৰা পৰিয়ালৰ কাষত নাই জনপ্ৰতিনিধি । জনপ্ৰতিনিধিৰ বিৰুদ্ধে খহনীয়া ৰোধৰ ক্ষেত্ৰত কোনো ধৰণৰ দৃঢ় পদক্ষেপ গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপিত হৈছে ।

লগতে পঢ়ক : Bihpuria erosion news:খহনীয়াৰ পৰা পৰিত্ৰাণ বিচাৰি নেদেখাজনৰ ওচৰত শৰণাপন্ন নৈপৰীয়া

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.