Chowk Bazar Fire : ধ্বংসস্তূপৰ মাজত অতীত বিচাৰি হাহাকাৰ ব্যৱসায়ীৰ

By

Published : Feb 18, 2023, 9:22 PM IST

thumbnail

যোৰহাট, ১৮ ফেব্ৰুৱাৰী : নিজৰ মৰমৰ ব্যৱসায়িক প্ৰতিষ্ঠান হেৰুৱাই এতিয়া শোকত দগ্ধ ব্যৱসায়ী (Jorhat massive fire) । ধ্বংস স্তূপৰ মাজত অগ্নিদগ্ধ অতীত বিচাৰি কাতৰ বিননি দুৰ্ভগীয়া ব্যৱসায়ীৰ । ক'লৈ যাম, কি কৰিম, কি খাম ! আমাৰ সংসাৰ কেনেকৈ চলাম, সন্তানক কেনেকৈ চাম ! এনেবোৰ হৃদয়স্পৰ্শী আৰ্তনাদ এতিয়া ভাহি আহিছে জুইত জাহ যোৱা ব্যৱসায়িক প্ৰতিষ্ঠানৰ গৰাকীসকলৰ মাজৰ পৰা (massive fire in Jorhat chowk bazar) । যোৰহাটৰ নিম্ন মধ্যবিত্তসকলৰ বজাৰৰ মূল প্ৰাণকেন্দ্ৰ যোৰহাট চ'ক বজাৰত বৃহস্পতিবাৰে নিশা সংঘটিত একুৰা বিধ্বংসী জুয়ে এফালৰ পৰা গ্ৰাস কৰি নিমিষতে ধ্বংসস্তূপত পৰিণত কৰে ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ (fire broke out in Jorhat chowk bazar) ।

কেৱল ব্যৱসায়িক প্ৰতিষ্ঠানেই নহয়, এই কাল অগ্নিয়ে পুৰি ছাৰ-খাৰ কৰিলে বহুতৰে জীৱন-জীৱিকা । হেৰাই গ'ল জীৱনৰ ছন্দ । নিমিষতে ভাগি চূড়মাৰ হ'ল দুচকুৰ সপোনবোৰ (hundreds of shops demolish in chowk bazar fire)  । কিন্তু এই সত্য যেন কোনোবাখিনিত মানি ল'ব পৰা নাই এইসকল চ'ক বজাৰৰ ব্যৱসায়ীয়ে । সেয়ে শনিবাৰেও আহি নিজৰ মৰমৰ ব্যৱসায়িক প্ৰতিষ্ঠানখন ধ্বংস হৈ পৰি থকা দেখি কান্দি উঠিছে এইসকল দুৰ্ভগীয়া ব্যৱসায়ীয়ে । লগতে সকলোৰে চৰকাৰলৈ এটাই আহ্বান- আমাক পুনৰ সংস্থাপন প্ৰদান কৰক (Jorhat chowk bazar business man tragedy) ।

লগতে নিজৰ নিজৰ ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ তেওঁলোকক শীঘ্ৰে প্ৰদান কৰিবলৈও কাতৰ আহ্বান জনাইছে চৰকাৰ-প্ৰশাসনক । ইফালে যোৰহাট চ'ক বজাৰৰ এই বিধ্বংসী অগ্নিকাণ্ডৰ ক্ষয়-ক্ষতিৰ বুজ লোৱাৰ লগতে দুৰ্ভগীয়া ব্যৱসায়ীসকলক সমবেদনা জনাবৰ বাবে শনিবাৰে ঘটনাস্থলী পৰিভ্ৰমণ কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে (central minister Sarbananda Sonowal) । কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাললৈও এইসকল দুৰ্ভগীয়াৰ কাতৰ আহ্বান, তেওঁলোকক পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰক ।

উল্লেখ্য যে যোৱা বৃহস্পতিবাৰে নিশা প্ৰায় ৯ বজাত অগ্নিকাণ্ড সংঘটিত হয় শতিকা পুৰণি যোৰহাটৰ ঐতিহাসিক এই চ'ক বজাৰত । উক্ত অগ্নিকাণ্ডত চ'ক বজাৰত থকা শতাধিক ব্যৱসায়িক প্ৰতিষ্ঠান সম্পূৰ্ণৰূপে জ্বলি ভস্মীভূত হৈ যায় । এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে যোৰহাটত বৃহস্পতিবাৰে নিশাৰ ভাগত সংঘটিত চ'ক বজাৰ অগ্নিকাণ্ডৰ ঘটনাৰ জিলা উপায়ুক্ত জৰিয়তে উচ্চ পৰ্যায়ৰ তদন্ত কৰিবলৈ ইতিমধ্যে নিদেশ প্ৰদান কৰিছে অভিভাৱক মন্ত্ৰী অজন্তা নেওগে ।

লগতে পঢ়ক :Jorhat Chowk Bazaar fire: যোৰহাটৰ অগ্নিকাণ্ডস্থলী পৰিদৰ্শন সৰ্বানন্দ সোণোৱালৰ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.