Assam Youth Died in Pune: গণেশৰ মৃত্যুত শোকাকুল জোনাইৰ ডেকাপাম অন্নপুৰ গাঁওবাসী

By ETV Bharat Assamese Team

Published : Sep 24, 2023, 12:05 PM IST

thumbnail

জোনাই, 24 ছেপ্টেম্বৰ : পুনৰ বহিঃৰাজ্যত মৃত্যু গণেশ পেগু নামৰ অসমৰ এজন যুৱক ৷ বিগত এবছৰ ধৰি কৰ্মসূত্ৰে পুনেত আছিল জোনাইৰ ডেকাপাম অন্নপুৰ গাঁৱৰ গণেশ পেগু ৷ কিন্তু 20 ছেপ্টেম্বৰত উচ্চ ৰক্তচাপত মৃত্যু হৈছিল গণেশৰ ৷ শনিবাৰে গণেশৰ মৃতদেহ বাসগৃত উপস্থিত হোৱাৰ লগে লগে কান্দোনত ভাগি পৰে আত্মীয় ৷ শোকাকুল পৰিৱেশ বিৰাজ কৰিছে সমগ্ৰ অঞ্চলটোত ৷

উল্লেখ্য যে, অন্নপুৰ গাঁৱৰ নিবাসী গণেশ পেগুৱে এখন ট্ৰেক্টৰ ক্ৰয় কৰিছিল কিছু বছৰৰ পূৰ্বে ৷ কিন্তু সময়ত লোন পৰিশোধ কৰিব পৰা নাছিল ট্ৰেক্টৰ ক্ৰয়ৰ লোন ৷ সেয়ে বহিঃৰাজ্যলৈ কামৰ সন্ধানত গৈছিল গণেশ পেগুৱে । কিন্তু 20 ছেপ্তেম্বৰত উচ্চ ৰক্তচাপত ভোগী মৃত্যু হয় গণেশৰ । মিচিং বানে কেবাঙ, TMPK, MMK আৰু TMMK ৰ আৰ্থিক সহায়ত পুনেৰ পৰা অসমলৈ অনা হয় গণেশ পেগুৰ মৃতদেহ  ৷ শনিবাৰে বাসগৃত উপস্থিত হোৱাৰ লগে লগে শোকাকুল পৰিৱেশে বিৰাজ কৰে ৷

লগতে পঢ়ক:Jonai accident news:ৰে’লৰ খুন্দাত চিন চাব নাইকিয়া হৈ হ’ল গাড়ীৰ; কিন্তু...

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.