Attempt To Murder: বিবাহৰ প্ৰস্তাৱ প্ৰত্যাখ্যানৰ বাবেই মহিলাক দাৰে ঘপিয়ালে মছজিদৰ জোনাবে

By

Published : Jul 18, 2023, 8:56 PM IST

thumbnail

যোৰহাট, 18 জুলাই : বিগত দিনকেইটাত যোৰহাট জিলাৰ মৰিয়নী সমষ্টিত এটাৰ পিচত এটাকৈ সংঘটিত হৈছে লোহমৰ্ষক ঘটনা সংঘটিত হৈছে ৷ এইবাৰ এগৰাকী মছজিদৰ জোনাবৰ নিৰ্লজ্জ কাণ্ডই আপোনাকো কঁপাই তুলিব ৷ বিবাহৰ প্ৰস্তাৱৰ প্ৰত্যাখ্যান কৰাৰ বাবে এগৰাকী মহিলাক নৃশংসভাৱে দাৰে ঘপিয়াই নতুন মাটি মছজিদৰ জোনাব আব্বাছ খানে ৷  

ঘটনা অনুসৰি মৰিয়নি নতুন মাটি মছজিদৰ জোনাব আব্বাছে দীৰ্ঘদিন ধৰি ওচৰৰে এগৰাকী স্বামীহাৰা দুই সন্তানৰ মাতৃক বিবাহৰ প্ৰস্তাৱ দি আহিছিল ৷ কিন্তু বিবাহিত মহিলাগৰাকীয়ে জোনাবে দিয়া প্ৰস্তাৱ বাৰে বাৰে প্ৰত্যাখ্যান কৰিছিল ৷ ফলত মহিলাগৰাকীয়ে প্ৰস্তাৱ প্ৰত্যাখান কৰাৰ বাবে মহিলাগৰাকীৰ ঘৰত কোনো নথকা অৱস্থাত ঘৰৰ ভিতৰতে নৃশংসভাৱে দাৰে ঘপিয়াই মুৰ্মূষু অৱস্থাত এৰি থৈ যায় আব্বাছে ৷  

জোনাবৰ আক্ৰমণত ধাৰাষায়ী হোৱা মহিলাগৰাকীক বৰ্তমান সংকটজনক অৱস্থাত যোৰহাট চিকিৎসা মহাবিদ্যালয় ও হাস্পতালত ভৰ্তি কৰোৱা হয় ৷ ইতিমধ্যে অভিযুক্ত জোনাব আব্বাছ খানক মৰিয়নী আৰক্ষীয়ে আটক কৰিছে ৷ 

লগতে পঢ়ক: Child trafficking in Assam: গড়চুকৰ ভাৰাঘৰৰ কোঠাত উদ্ধাৰ ৰঙিয়াৰ কিশোৰী

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.