ইছলামিক মৌলবাদীৰ ঘাটি হৈছে নেকি গোৱালপাৰা

By

Published : Aug 20, 2022, 11:54 AM IST

Updated : Feb 3, 2023, 8:27 PM IST

thumbnail

শেহতীয়াকৈ অসমৰ ভূমিত সক্ৰিয় হৈছে জেহাদী সংগঠন (Jihadi activities in Assam)। যাৰ বাবে অসম আৰক্ষী জেহাদীৰ বিৰুদ্ধে কঠোৰ হোৱা দেখা গৈছে । ইতিমধ্যে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা জেহাদী আৰু জেহাদী কাৰ্যকলাপ জড়িত থকাৰ সন্দেহত বহু লোকক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে । আনকি অসমৰ মাদ্ৰাছাৰ পৰাও জেহাদীৰ কাৰ্যকলাপ চলি থকাৰ কথা পোহৰলৈ আহিছে (Jihadi activities from Madrasa)। এইবাৰ গোৱালপাৰা জিলাৰ কোদালধোৱাৰ পৰা জেহাদী আটক কৰিছে আৰক্ষীয়ে (Jihadi arrested at Goalpara)। গোৱালপাৰা আৰক্ষীয়ে এক অভিযান চলাই মাটিয়া আৰু কোদালধোৱাৰ পৰা জেহাদীৰ সন্দেহত দুজনকৈ লোকক আটক কৰিছে । আটকাধীন লোক কেইজন হৈছে আব্দুছ সুবাহান আৰু তেওঁৰ ভতিজা (Two suspected Jihadi arrested at Goalpara)। জানিব পৰা মতে সুবাহানে তিনকোণীয়াপাৰা মছজিদৰ ইমামৰ বেশত থাকি সমগ্ৰ জিলাখনত জেহাদীৰ ঘাটি স্থাপন কৰিছিল । তেওঁৰ ভাতৃয়েও ইতিমধ্যে আত্মসমৰ্পণ কৰিছে ।

Last Updated : Feb 3, 2023, 8:27 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.