তিনিচুকীয়া শিৱসাগৰত গুলীবিদ্ধ ৪ জনক অসম চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি

By ETV Bharat Assamese Team

Published : Dec 24, 2023, 1:05 PM IST

thumbnail

ডিব্ৰুগড়, 24 ডিচেম্বৰ : আলফা স্বাধীনৰ বিৰুদ্ধে অধিক তৎপৰ হৈছে অসম আৰক্ষী । তিনিচুকীয়া, শিৱসাগৰ আৰু যোৰহাটৰ সেনা চাউনীৰ সমীপত আলফা স্বাধীনে বিস্ফোৰণ সংঘটিত কৰি আলফা স্বাধীনে নিজৰ অস্তিত্বৰ প্ৰমাণ কৰি দিছিল সেনা আৰক্ষীক । আনকি অসম আৰক্ষীৰ সঞ্চালক প্ৰধান জি পি সিঙক মুকলি প্ৰত্যাহ্বান জনাইছিল আলফা স্বাধীনে । ইয়াৰ পাচতে ৰাজ্যত আলফা স্বাধীনৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰিছে অসম আৰক্ষীয়ে ।

আলফা স্বাধীনত যোগদান কৰিবলৈ যোৱাৰ সন্দেহত অৰুণাচলৰ চাংলাঙত শদিয়াৰ তিনি যুৱকৰ ওপৰত গুলী চলাই আৰক্ষী আৰু সেনা বাহিনীয়ে । আঘাতপ্ৰাপ্ত শদিয়াৰ তিনি যুৱক ক্ৰমে নিজৰাপাৰাৰ মনোজ বুঢ়াগোহাঁই, মিলন নগৰৰ নবীন নেওগ (দ্বীপজ্যোতি) আৰু শদিয়াৰ স্কুল চাৰিআলিৰ বিশ্বনাথ বুঢ়াগোহাঁইক উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰা হৈছে ।

আনহাতে, শিৱসাগৰৰ গেলেকীত আৰক্ষীয়ে গুলীচালনা কৰিছে আলফা(স্বাঃ)ৰ সদস্যৰ সন্দেহত পল্লৱজ্যোতি গগৈ নামৰ যুৱকজনক । ইতিমধ্যে চাৰিওজনকে উন্নত চিকিৎসাৰ বাবে অসম চিকিৎসা মহাবিদ্যালয়ৰ আকস্মিক সেৱা বিভাগত ভৰ্তি কৰা হৈছে । কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰ মাজত চাৰি যুৱকৰ চিকিৎসা চলিছে অসম চিকিৎসা মহাবিদ্যালয়ত ।

লগতে পঢ়ক : আলফা(স্বা)ৰ সদস্যৰ সন্দেহত শদিয়াৰ তিনি যুৱকলৈ আৰক্ষীৰ গুলী

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.