ইণ্ডিয়া হাফ মাৰাথন প্ৰতিযোগিতাত অংশ ল'লে পাঁচ সহস্ৰাধিক প্ৰতিযোগীয়ে

By ETV Bharat Assamese Team

Published : Dec 3, 2023, 7:21 PM IST

thumbnail

গুৱাহাটী, ৩ ডিচেম্বৰ : গুৱাহাটী মহানগৰীত দেওবাৰে অনুষ্ঠিত হয় ইণ্ডিয়া হাফ মাৰাথন প্ৰতিযোগিতা । এই হাফ মাৰাথন প্ৰতিযোগিতাত পাঁচ সহস্ৰাধিক পুৰুষ-মহিলাই অংশগ্ৰহণ কৰে । ২১ কিলোমিটাৰ, ১০ কিলোমিটাৰ আৰু ৫ কিলোমিটাৰ শাখাত এই প্ৰতিযোগিতাখন অনুষ্ঠিত হয় । তিনিটা শাখাৰ প্ৰতিযোগিতাখনৰ মুঠ প্ৰাইজমানি নগদ ১০ লাখ টকা । প্ৰতিযোগিতাখনৰ ফ্লেগ অফ কৰে ভাৰতীয় সেনাৰ ইষ্টাৰ্ণ কামাণ্ডাৰ জি অচি ইন চীফ লেফটেনেন্ট জেনেৰেল ৰাণা প্ৰতাপ কলিতা আৰু লেফটেনেন্ট জেনেৰেল মনিষ এৰিয়ে ।  

সন্মানীয় অতিথি হিচাপে উপস্থিত থাকে প্ৰবীন এথলীট তৈয়বুন নেচা আৰু লনবল খেলুৱৈ নয়নমনি শইকীয়া । যুৱপ্ৰজন্মক খেলৰ বাবে আগ্ৰহী কৰি তুলিবলৈ এই প্ৰতিযোগিতাখনৰ আয়োজন কৰা হয় বুলি উদ্যোক্তাসকলে সদৰী কৰে । সৰুসজাইৰ পৰা আৰম্ভ হোৱা দৌৰ ভেটাপাৰা হৈ জিএছ ৰোডৰে সামৰণি পৰে সৰুসজাই ষ্টেডিয়ামত ।

লগতে পঢ়ক:অৰুণাচল প্ৰদেশত কামেং বেডমিণ্টন চেম্পিয়নশ্বিপ আৰম্ভ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.