ETV Bharat / bharat

অৰুণাচল প্ৰদেশত কামেং বেডমিণ্টন চেম্পিয়নশ্বিপ আৰম্ভ

author img

By ETV Bharat Assamese Team

Published : Dec 3, 2023, 2:01 PM IST

Pake Kesang District Badminton Association
অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্রী পেমা খাণ্ডু

অৰুণাচল প্ৰদেশৰ পাকে কেচাং জিলা বেডমিণ্টন সংস্থাৰ উদ্যোগত ১১ সংখ্যক কামেং বেডমিণ্টন চেম্পিয়নশ্বিপ ২০২৩ৰ শুভাৰম্ভ অনুষ্ঠানত অংশগ্ৰহণ কৰে অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে ।

অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্রী পেমা খাণ্ডু

চতিয়া, ৩ ডিচেম্বৰ : অৰুণাচল প্ৰদেশৰ চাৰিখন জিলা ক্ৰমে টাৱাং, ইষ্ট কামেং, ওৱেষ্ট কামেং আৰু পাকে কেচাং জিলাৰ বেডমিণ্টন এছোচিয়েচনে একত্ৰিতভাৱে কামেং বেডমিণ্টন চেম্পিয়নশ্বিপ নামকৰণৰে প্ৰতি বছৰে বিভিন্ন ঠাইত বেডমিণ্টন প্ৰতিযোগিতা অনুষ্ঠিত কৰি আহিছে । এই বছৰো পাকে কেচাং জিলা বেডমিণ্টন এছোচিয়েচনৰ সহযোগত শনিবাৰৰ পৰা জিলাখনৰ অন্তৰ্গত চিজুছাত ১১ সংখ্যক বৃহত্তৰ কামেং বেডমিণ্টন চেম্পিয়নশ্বিপৰ প্ৰতিযোগিতা আৰম্ভ হয় ।

চিজুছাস্থিত পাকে ফেস্টিভেল গ্ৰাউণ্ডত নতুনকৈ নিৰ্মিত ইনডোৰ ষ্টেডিয়ামত আৰম্ভ হোৱা বেডমিণ্টন চেম্পিয়নশ্বিপ প্ৰতিযোগিতাখনিত উক্ত চাৰিওখন জিলাৰ নটাকৈ প্ৰতিযোগী দলে অংশগ্রহণ কৰিছে । কালি পুৱা আৰম্ভ হোৱা প্ৰতিযোগিতাখনিৰ শুভাৰম্ভ অনুষ্ঠান আড়ম্বৰপূৰ্ণভাৱে আয়োজিত কৰে । উক্ত উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথি ৰূপে উপস্থিত থাকি মুখ্যমন্ত্রী পেমা খাণ্ডুয়ে কয় যে বৰ্তমান তেওঁৰ নেতৃত্বত ৰাজ্যত শাসনাধিস্থ চৰকাৰখনে যুৱক -যুৱতী সকলক খেলৰ প্ৰতি আগ্ৰহী কৰিবলৈ ৰাজ্যখনৰ খেলুৱৈ সকলক বহুতো সা-সুবিধা প্ৰদান কৰিছে । লগতে তেওঁ কয় ," ২০১৪ চনৰ পূৰ্বে অৰুণাচল খেলৰ ক্ষেত্রত বহুত পিছ পৰি আছিল, কিন্তু আজি আমাৰ খেলুৱৈসকল ৰাষ্ট্ৰীয়,আন্তঃৰাষ্ট্ৰীয় তথা অলিম্পিক খেলত ভাল খেল প্ৰদৰ্শন কৰি পদক আনিবলৈ সক্ষম হৈছে । "

তেওঁ পুনৰ কয় যে বৰ্তমান ক্ৰীড়া ক্ষেত্রখনত অৰুণাচল উত্তৰ-পূৰ্বাঞ্চলৰ ভিতৰতে মণিপুৰ আৰু অসমৰ পিছতে অৰ্থাৎ তৃতীয় স্থান দখল কৰিবলৈ সক্ষম হৈছে । তেওঁ লগতে কয় যে অহা বছৰ সন্তোষ ট্ৰফী ফুটবল প্ৰতিযোগিতাৰ দৰে প্ৰতিযোগিতাও ইটানগৰত অনুষ্ঠিত হ'ব । উদ্বোধন অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে মন্ত্রী মামা নাতুংয়ে কয় যে খেলৰ জৰিয়তে ভাতৃত্ববোধৰ এনাজৰীডাল সুদৃঢ় হয় । বেলেগ বেলেগ চাৰিওখন জিলা হ'লেও জিলা কেইখনৰ যুৱকসকল একত্রিত হৈ এনে ধৰণৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ বাবে যুৱক সকলক ধন্যবাদ জ্ঞাপন কৰে । ইপিনে, মুখ্যমন্ত্রী পেমা খাণ্ডু আৰু মন্ত্রী মামা নাটুঙে নতুনকৈ নিৰ্মিত ইনডোৰ ষ্টেডিয়ামখন মুকলি কৰে ।

লগতে পঢ়ক:ডব্লিউপিএলৰ ২০২৪ ছিজনৰ নিলামৰ বাবে ১৬৫ খেলুৱৈৰ তালিকা প্ৰকাশ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.