CM vigilance raid: বিধায়ক কমলাক্ষ দে' পুৰকায়স্থৰ ঘৰত জি এছ টি বিভাগৰ অভিযান

By ETV Bharat Assamese Team

Published : Nov 6, 2023, 2:05 PM IST

Updated : Nov 6, 2023, 4:19 PM IST

thumbnail

কৰিমগঞ্জ, 6 নৱেম্বৰ: বিধায়ক কমলাক্ষ দে' পুৰকায়স্থৰ ঘৰত জি এছ টি বিভাগৰ অভিযান ৷ সোমবাৰৰ পুৱাই তেওঁৰ বিধায়কগৰাকীৰ গৃহত তদন্তকাৰী বিষয়াই অভিযান চলায় ৷ বৰ্তমানেও বিধায়কগৰাকীৰ ঘৰত জোৰদাৰ অভিযান চলি আছে বুলি জানিব পৰা গৈছে ৷ 

উল্লেখ্য যে, বিধায়কগৰাকীৰ বিৰুদ্ধে অবৈধভাৱে চাহ বাগিচা ক্ৰয়ৰ অভিযোগ উত্থাপন হৈছিল ৷ কমলাক্ষৰ পত্নীৰ বিৰুদ্ধেও এই চুক্তিত অনিয়মৰ অভিযোগ উত্থাপন হৈছে ৷ উল্লেখনীয় যে পাঁচ মাহ পূৰ্বে উত্তৰ কৰিমগঞ্জৰ বিধায়ক কমলাক্ষ দে’ পুৰকায়স্থ আৰু তেওঁৰ পাঁচজন ব্যৱসায়ী বন্ধুৱে নিলাম বাজাৰ চক্ৰৰ ব্যক্তিগত প্ৰমোদনগৰ বাগিচাখন ক্ৰয় কৰিছিল । ইফালে, বাগিচাখন ক্ৰয় কৰাৰ সময়ত বিধায়ক কমলাক্ষ আৰু তেওঁৰ সহযোগীসকলে চৰকাৰী ধন জমা কৰা নাছিল বুলি মুখ্যমন্ত্ৰী তদাৰকী কোষত অভিযোগ দাখিল কৰা হয় । 

এই অভিযোগৰ ভিত্তিত মুখ্যমন্ত্রী তদাৰকী কোষে কৰিমগঞ্জত উপস্থিত হৈ বিভিন্নজনৰ ভাষ্য গ্ৰহণ কৰে ৷ তদন্তকাৰী দলটোৱে বাগিচাখনৰ ক্ৰয়ৰ নথি-পত্ৰ চাবলৈ উপ-পঞ্জীয়ক কাৰ্যালয় আৰু নিলাম বাজাৰ চক্ৰ বিষয়াৰ কাৰ্যালয়লৈ যায় ।  

লগতে পঢ়ক: Loksabha electionm 2024: অজগৰৰ দৰে বিজেপিয়ে গিলি পেলাইছে অগপক; ভূপেন কুমাৰ বৰা

Last Updated : Nov 6, 2023, 4:19 PM IST

TAGGED:

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.