ETV Bharat / state

Loksabha electionm 2024: অজগৰৰ দৰে বিজেপিয়ে গিলি পেলাইছে অগপক; ভূপেন কুমাৰ বৰা

author img

By ETV Bharat Assamese Team

Published : Nov 6, 2023, 1:47 PM IST

APCC PRESIDENT BHUPEN BORAH SLAMS Assam cm in rangia
অজগৰৰ দৰে বিজেপিয়ে গিলি পেলাইছে অগপক

ৰঙিয়াত কংগ্ৰেছৰ অটুট বন্ধন কাৰ্যসূচী । বিজেপি দলক লক্ষ্য কৰি তীব্ৰ সমালোচনা অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন কুমাৰ বৰাৰ ৷

অজগৰৰ দৰে বিজেপিয়ে গিলি পেলাইছে অগপক

ৰঙিয়া, 6 নৱেম্বৰ: অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন কুমাৰ বৰা সোমবাৰে উপস্থিত হয় ৰঙিয়াত ৷ ভৱেশ কলিতাৰ গৃহ সমষ্টিত কংগ্ৰেছৰ উদ্যোগত অনুষ্ঠিত অটুট বন্ধন কাৰ্যসূচীত অংশগ্ৰহণ কৰে সভাপতিগৰাকীয়ে । কামৰূপ (গ্ৰাম্য) জিলা কংগ্ৰেছ কমিটিৰ উদ্যোগত অনুষ্ঠিত এই অনুষ্ঠানত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন কুমাৰ বৰাই ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আক্ৰমণাত্মক হোৱা পৰিলক্ষিত হয় ৷

কিছুদিন পূৰ্বে মুখ্যমন্ত্ৰীয়ে APSC ৰ কেলেংকাৰী সন্দৰ্ভত কেলেংকাৰীত জড়িত বিষয়াৰ পৰিয়াল আছে বুলি বক্তব্য প্ৰকাশ কৰিছিল ৷ এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি APSC ত জড়িত ব্যক্তিসকলৰ পৰিয়ালৰ হে সতী-সন্তান আছে, শিল সাঁকোৰ ৰাইজৰ নাই নেকি বুলি কটাক্ষ কৰে বৰাই ৷ কেলেংকাৰীত জড়িত বিষয়াৰ প্ৰতি মুখ্যমন্ত্ৰীৰ হৃদয় গ’লে যদিও শিলসাঁকোৰ ৰাইজ অথবা আনৰ বাবে নগ’লে বুলি সমালোচনা কৰি বৰাই কয়, "মুখ্যমন্ত্ৰীৰ হৃদয়ত কেবাটাও চুইচ আছে, তেওঁ মানুহ চাইহে চুইচ টিপে ।"

জলেশ্বৰৰ বিধায়কৰ মন্তব্য সন্দৰ্ভত কংগ্ৰেছ বিধায়কগৰাকীয়ে কয়, "তেওঁ কিয় তেনেকুৱা মন্তব্য কৰিলে আমি অজ্ঞাত । আমি সাম্প্ৰদায়িক ৰাজনীতিক প্ৰশ্ৰয় নিদিওঁ, তেওঁক স্থিতি স্পষ্ট কৰিবলৈ নিৰ্দেশ দিছোঁ আৰু সময়সীমাৰ ভিতৰত তেওঁ স্থিতি স্পষ্ট নকৰিলে নিশ্চয় আপোনালোকে গম পাব ।" বদৰুদ্দিন আজমলৰ শেহতীয়া বক্তব্যবোৰ ফটুৱা বুলি আখ্যা দি সভাপতি ভূপেন বৰাই কংগ্ৰেছত কোনো অন্তঃ কন্দল নাই আৰু সেয়া সমাগত পাঁচখন ৰাজ্যৰ নিৰ্বাচনে প্ৰমাণ কৰিব বুলি কয় বৰাই ৷

অগপক আগন্তুক লোকসভা নিৰ্বাচনত কেৱল মাত্ৰ এটা টিকট দিয়া প্ৰসঙ্গত মন্তব্য প্ৰকাশ কৰি ভূপেন বৰাই কয়, "অগপক প্ৰতাৰণা নহয়, অগপক অজগৰে গিলাৰ দৰে গিলি পেলাইছে বিজেপিয়ে ।" সভাখনত শতাধিক লোকে আনুষ্ঠানিকভাৱে কংগ্ৰেছত যোগদান কৰে । ৰঙিয়াৰ কেইবাখনো পঞ্চায়তৰ পৰা অহা এইসকল লোকৰ ভিতৰত কেইবাগৰাকীও আপৰ লগতে বিজেপিৰ প্ৰাক্তন কৰ্মী আছে বুলি জানিব পৰা গৈছে । সভাখনত প্ৰদেশ কংগ্ৰেছৰ কেইবাগৰাকীও শীৰ্ষ কংগ্ৰেছী বিষয়ববীয়াৰ লগতে প্ৰাক্তন সাংসদ, বিধায়ক উপস্থিত থাকে ।

লগতে পঢ়ক: Bhubon Pegu reacts on AIUDF : 2024 ত হ’ব শেষৰখন শৰাইঘাটৰ ৰণ; বিধায়ক ভুৱন পেগু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.