Doom Dooma News: আৱৰ্জনামুক্ত ডুমডুমা চহৰ গঢ়াৰ লক্ষ্য; উদ্বোধন আৱৰ্জনা নিষ্কাষণ আৰু ব্যৱস্থাপনা প্ৰকল্প

By ETV Bharat Assamese Team

Published : Oct 3, 2023, 10:50 PM IST

thumbnail

তিনিচুকীয়া, ৩ অক্টোবৰ: আৱৰ্জনা মুক্ত ডুমডুমা গঢ়াৰ স্বাৰ্থত, ডুমডুমা পৌৰসভাৰ তত্বাৱধানত লোৱা হৈছে এক সুন্দৰ পদক্ষেপ ৷ উদ্বোধন কৰা হয় আৱৰ্জনা নিষ্কাষণ আৰু ব্যৱস্থাপনা প্ৰকল্প ৷ ডুমডুমাত গোটা আৱৰ্জনা নিষ্কাষণ আৰু ব্যৱস্থাপনা প্ৰকল্পটোৰ মঙলবাৰে আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে বিধায়ক ৰূপেশ গোৱালাই । এই প্ৰকল্পটোৰ জৰিয়তে ডুমডুমা অঞ্চলৰ আৱৰ্জনাসমূহ বিজ্ঞানসন্মতভাবে বিভিন্ন পদ্ধতিৰ জৰিয়তে পৰিৱেশৰ একো হানি নোহোৱাকৈ কেনেকৈ শূন্য আৱৰ্জনা কৰিব পাৰি তাৰ ওপৰত লক্ষ্য ৰখা হ’ব ।

মঙলবাৰৰ এই অনুষ্ঠানটোত বিধায়ক ৰূপেশ গোৱালাৰ সৈতে তিনিচুকীয়া জিলাৰ আয়ুক্ত স্বপ্নীল পাল, ডুমডুমা পৌৰসভাৰ পৌৰপতি কান্তা ভট্টাচাৰ্য্য, উপ-পৌৰপতি শ্ৰীমণি দত্ত, কাৰ্যবাহী বিষয়া নুজহাত নাছৰিন, কাৰ্যবাহী অভিযন্তা নিৰোদ ডেকাৰ লগতে সমূহ ৱাৰ্ড কমিছনাৰ আৰু পৌৰসভাৰ কৰ্মচাৰীসকল উপস্থিত থাকে ৷

লগতে পঢ়ক : Cleanliness drive in Assam: সঞ্জয় কিষাণ- ৰূপেশ গোৱালাৰ চাফাই অভিযান

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.