Dhemaji new schemes: কেবাটাও আচঁনিৰ শুভ উদ্বোধন মন্ত্ৰী ৰণোজ পেগু আৰু সাংসদ প্ৰদান বৰুৱাৰ

By

Published : Jul 15, 2023, 9:37 PM IST

thumbnail

ধেমাজি, 15 জুলাই :  শনিবাৰে ধেমাজি জিলাত প্ৰায় 15/16 টা আঁচনিৰ শুভ উদ্বোধন কৰা হয় ৷ তাৰে অংশ হিচাপে ধেমাজি জিলাৰ মাছখোৱাত দুখন পকী দলংসহ পাঁচটা পানী যোগান আচঁনিৰ শুভ উদ্বোধন কৰে ধেমাজিৰ বিধায়ক তথা শিক্ষামন্ত্ৰী ৰণোজ পেগু আৰু লখিমপুৰ লোকসভা সমষ্টিৰ সাংসদ প্ৰদান বৰুৱা আৰু জোনাইৰ বিধায়ক ভূৱন পেগুৱে ৷ মাছখোৱাৰ ৰহাত আৰু হাহিত দুখন পকী দলং মুকলি কৰাৰ লগতে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ জলজীৱন মিছন ঘিলামৰা সংমণ্ডলৰ অধীনত দেওঘৰীয়া পানী যোগান আঁচনিৰ আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে ৷ লগতে আন পাঁচটা আচঁনিৰো শুভ উদ্বোধন কৰা হয় ৷

উল্লেখ্য যে, ধেমাজি জিলাত শনিবাৰৰ দিনটোত ১৫/১৬ টা চৰকাৰী বিভিন্ন আঁচনিৰ কাৰ্যসূচীত অংশ লয় বিধায়কদ্বয়ৰ লগতে সাংসদগৰাকীয়ে । লগতে আটাইকেইটা অনুষ্ঠানত উপস্থিত থাকে ধেমাজি জিলা উপায়ুক্ত অংকুৰ ভৰালী ৷

লগতে পঢ়ক : Moblie Veterinary Unit : ধেমাজিত 9 খনকৈ পশুধন সাৰথি ফ্লেগ অৱ কৰিলে শিক্ষামন্ত্ৰীয়ে

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.