Moblie Veterinary Unit : ধেমাজিত 9 খনকৈ পশুধন সাৰথি ফ্লেগ অৱ কৰিলে শিক্ষামন্ত্ৰীয়ে

By

Published : Jul 15, 2023, 3:37 PM IST

thumbnail

ধেমাজি, 15 জুলাই : ধেমাজি জিলাৰ পশুপালকসকললৈ সুখবৰ ৷ এতিয়াৰে পৰা 108 সেৱাৰ দৰে ঘৰৰ পোহনীয়া জীৱ-জন্তুৰ বাবেও অৰ্থাৎ পশুধনৰ বাবে জৰুৰীকালীন চিকিৎসা সেৱাৰ বাবে উপলব্ধ হ’ব ভ্ৰাম্যমান 1962 হেল্পলাইন নম্বৰৰ পশুধন সাৰথি ৷ শনিবাৰে জিলা পশুপালন বিভাগৰ উদ্যোগত ধেমাজি আৱৰ্ত ভৱনত আয়োজন কৰা এক অনুষ্ঠানত 9 খনকৈ পশুধন সাৰথি ফ্লেগ অফ কৰে শিক্ষামন্ত্ৰী ৰণোজ পেগু আৰু সাংসদ প্ৰদান বৰুৱাই ৷ 

এনে বাহনত থাকিব এজন চিকিৎসক আৰু এজন ক্ষেত্ৰ সহায়কাৰী ৷ ইপিনে পশু চিকিৎসা ক্ষেত্ৰত নতুনকৈ সংযোজন ঘটা এই সেৱাৰ জৰিয়তে পশুপালকসকল উপকৃত হব পাৰিব বুলি আশা প্ৰকাশ কৰে মন্ত্ৰীগৰাকীয়ে ৷

লগতে পঢ়ক: Flood hits Dibrugarh : ডিব্ৰুগড়ত বুঢ়ীদিহিঙৰ ভয়ংকৰ ৰূপ, নিৰ্বিকাৰ ভূমিকাত জনপ্ৰতিনিধি

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.