Dumper Seized in Baksa: বাক্সাৰ বিভিন্ন প্ৰান্তত অবৈধভাৱে বালি কঢ়িওৱা ডাম্পাৰ জব্দ

By

Published : Dec 6, 2022, 12:24 PM IST

Updated : Feb 3, 2023, 8:34 PM IST

thumbnail

বাক্সাৰ ভিন্ন স্থানত অবৈধভাৱে বালি কঢ়িওৱা ডাম্পাৰৰ বিৰুদ্ধে অভিযান চলায় কাৰ্যবাহী সদস্য ৰাকেশ ব্ৰহ্মই (BTR EM Rakesh Brahma) ৷ মঙলবাৰে পুৱাৰে পৰা জিলাখনৰ বৰমা আৰু ইয়াৰ সমীপৱৰ্তী নিজ জুলুকিত অবৈধ ডাম্পাৰৰ বিৰুদ্ধে আকস্মিক অভিযান চলায় (Illegal sand mining) ৷ এই অভিযানত তিনিখন অবৈধভাৱে বালি কঢ়িওৱা অভাৰ লোডিং ডাম্পাৰ জব্দ কৰে (Dumpers carrying illegal sand seized in Baksa) ৷ কাৰ্যবাহী সদস্য ৰাকেশ ব্ৰহ্মই এই আকস্মিক অভিযানত ধৰা পেলায় বহুতো বিসংগতি ৷ নিৰ্ধাৰিত হিচাপতকৈ বহু বেচি বালি সৰবৰাহ কৰি আহিছিল এই ডাম্পাৰ কেইখনে ৷ আনহাতে মাটিৰ চালানেৰে বালি সৰবৰাহ কৰি দীৰ্ঘদিন ধৰি সম্পূৰ্ণ নীতি উলংঘা কৰিছে এই ডাম্পাৰ সমুহে ৷ ইয়াৰে দুখন ডাম্পাৰ বৰমা আৰক্ষী থানাত চমজাই দিয়াৰ বিপৰীতে এখন ডাম্পাৰ মাণ্ডলিক বন বিষয়াৰ কাৰ্যালয়ত চমজাই দি বিভাগীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়ে কাৰ্যবাহী সদস্য গৰাকীয়ে ৷

Last Updated : Feb 3, 2023, 8:34 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.