Liquor seized in Majuli:বিশ্বকৰ্মা পূজাৰ প্ৰাকক্ষণত মাজুলীত জব্দ অবৈধ বিলাতী সুৰা

By ETV Bharat Assamese Team

Published : Sep 16, 2023, 9:47 PM IST

thumbnail

মাজুলী, 16 ছেপ্টেম্বৰ : সত্ৰনগৰী মাজুলীত সুৰাৰ প্ৰচলন নিষিদ্ধ থকাৰ পিচতো মাজুলীৰ বিভিন্ন ঠাইত এচাম অসাধু চক্ৰই মদৰ বেপাৰ বহুদিন ধৰি চলাই আহিছে । দিনক দিনে বৃদ্ধি হৈ আহিছে বিলাতী সুৰাৰ প্ৰচলন ৷ শনিবাৰে মাজুলীৰ কমলাবাৰী আৰক্ষীয়ে কমলাবাৰীত বৃহৎ পৰিমাণৰ বিলাতী সুৰা জব্দ কৰে । কমলাবাৰী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া বিনোদ কলিতাৰ নেতৃত্বত কমলাবাৰী চাৰিআলিত আৰক্ষীয়ে অভিযান চলাই জব্দ কৰিবলৈ সক্ষম হয় বৃহৎ পৰিমাণৰ এই অবৈধ বিদেশী সুৰাখিনি । 

সুৰামুক্ত মাজুলীত এনেদৰেই দৈনিক শ শ লিটাৰ বিলাতী সুৰাৰ সৰবৰাহ হৈ থকাৰ খবৰৰ মাজতে এইয়া মাজুলী কমলাবাৰী আৰক্ষীৰ এক বিশেষ সফলতা বুলি ক’ব পাৰি । এতিয়া প্ৰশ্ন উত্থাপন হৈছে সুৰামুক্ত মাজুলীলৈ কেনেকৈ আহে অবৈধ সুৰা ?

লগতে পঢ়ক : Liquor seized: সত্ৰনগৰীত সুৰাৰ অবৈধ বেহা, বিলাসী বাহনৰ পৰা 50 লিটাৰ বিলাতী সুৰা জব্দ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.