Illegal Alcohol: সত্ৰৰ চৌহদত সুৰা, গাহৰি মাংসৰ লগতে ভাঙৰ ৰমৰমীয়া বেহা

By ETV Bharat Assamese Team

Published : Nov 1, 2023, 11:40 AM IST

thumbnail

নগাঁও, 1 নৱেম্বৰ : শ্ৰীশ্ৰী গড়মূৰ শাখা সত্ৰৰ চৌহদত একাংশ দুষ্ট চক্ৰৰ দপদপনি ৷ শ্ৰীশ্ৰী গড়মূৰ শাখা সত্ৰৰ চৌহদত দীৰ্ঘদিন ধৰি এটা অসাধু চক্ৰই গোপনে অবৈধ সুৰাৰ বেহা চলাই আহিছে । বুধবাৰে একাংশ স্থানীয় মহিলাৰ তৎপৰতাত বিয়লি হাতে লোটে ধৰা পৰে চক্ৰটো ৷ লগতে মহিলাসকলে অবৈধভাৱে বিক্ৰী কৰা সুৰাৰ অসংখ্য বটল জব্দ কৰে ।

ইয়াৰ পূৰ্বেও স্থানীয় মহিলাসকলে আবকাৰী বিভাগৰ লগতে স্থানীয় আৰক্ষীক খবৰ দিছিল যদিও সেই স্থানত আৰক্ষী বিভাগৰ কোনো লোক উপস্থিত হোৱা নাছিল বুলি অভিযোগ উত্থাপন কৰে ৷ আনকি স্থানীয় লোকসকলে মাজুলীস্থিত শ্ৰীশ্ৰী গড়মূৰ সত্ৰৰ সত্ৰাধিকাৰগৰাকীক এই বিষয়ে অৱগত কৰিছিল যদিও উপযুক্ত প্ৰমাণ নোহোৱাৰ বাবে কোনোধৰণৰ বিহিত ব্যৱস্থা ল’ব পৰা নাছিল ৷

ইফালে দীৰ্ঘদিনে শ্ৰী শ্ৰী গড়মূৰ শাখা সত্ৰৰ চৌহদত অবৈধ সুৰাৰ উপৰিও গাহৰি মাংসৰ লগতে অবৈধভাৱে ভাঙো বিক্ৰী কৰি অহাৰো অভিযোগ উত্থাপন কৰে স্থানীয় ৰাইজে ৷ এই সন্দৰ্ভত সত্ৰৰ পৰিচালনা সমিতিয়ে সত্ৰাধিকাৰগৰাকীক অৱগত কৰাৰ পিচতে বিহিত ব্যৱস্থা গ্ৰহণ কৰাৰ সিদ্ধান্ত লোৱা হৈছে ৷ ইতিমধ্যে উপস্থিত আবকাৰী বিভাগৰ বিষয়াৰ সন্মুখতে স্থানীয় ৰাইজে বিনষ্ট কৰে জব্দকৃত সুৰাৰ বটলসমূহ।

লগতে পঢ়ক: Fake doctor arrested: মৰিগাঁৱত ভুৱা চিকিৎসকৰ বিশাল নেটৱৰ্ক

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.