ETV Bharat / state

Fake doctor arrested: মৰিগাঁৱত ভুৱা চিকিৎসকৰ বিশাল নেটৱৰ্ক

author img

By ETV Bharat Assamese Team

Published : Nov 1, 2023, 9:03 AM IST

Updated : Nov 2, 2023, 1:25 PM IST

Morigaon police press meet on fake doctor
মৰিগাঁৱত ভুৱা চিকিৎসকৰ বিশাল নেটৱৰ্ক

চিকিৎসকৰ ওচৰলৈ যাওঁতে সাৱধান হওক ৷ মৰিগাঁৱত ভুৱা চিকিৎসকৰ দলৰ উপদ্ৰৱ ৷ ইয়াৰ পিচতে মৰিগাঁও জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক (অপৰাধ শাখা) সমীৰণ বৈশ্যই এই বিষয় সন্দৰ্ভত এক সংবাদমেল সম্বোধন কৰি ভয়ংকৰ তথ্য সদৰী কৰে ৷

মৰিগাঁৱত ভুৱা চিকিৎসকৰ বিশাল নেটৱৰ্ক

মৰিগাঁও, 1 নৱেম্বৰ : যোৱা 16 অক্টোবৰত মৰিগাঁৱত নাজিৰুল ইছলাম নামৰ এজন ভুৱা চিকিৎসক গ্ৰেপ্তাৰ কৰা হৈছিল ৷ ইয়াৰ পিচতে মঙলবাৰে মৰিগাঁও জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক (অপৰাধ শাখা) সমীৰণ বৈশ্যই এই বিষয় সন্দৰ্ভত এক সংবাদমেল সম্বোধন কৰি নতুন তথ্য সদৰী কৰে ৷

উল্লেখ্য যে, নাজিৰুল ইছলাম নামৰ ভুৱা চিকিৎসকজনে অবৈধভাৱে গৰ্ভৱতী হোৱা মহিলাৰ অস্ত্ৰোপচাৰৰ লগতে গৰ্ভপাত আৰু অবৈধ প্ৰক্ৰিয়াৰে সন্তান প্ৰসৱ কৰি বিক্ৰী কৰাৰ ভয়ংকৰ ঘটনা পোহৰলৈ আহিছে ৷ ইয়াৰ মাজতে শেহতীয়াকৈ এগৰাকী প্ৰসূতিক অবৈধ পদ্ধতিৰে অস্ত্ৰোপচাৰ কৰি জন্ম লাভ কৰা শিশুটি মৃত্যু হোৱা বুলি মাতৃগৰাকীক ফাঁকি দি শিশুটিক 21 হাজাৰ টকাত নগাঁও জিলাৰ চামগুৰিত বিক্ৰী কৰাৰো অভিযোগ উঠিছে । এই ঘটনা পোহৰলৈ অহাৰ পিচতে ভুক্তভোগী মহিলাগৰাকীয়ে আৰক্ষীৰ কাষ চাপে ৷

এই অভিযোগৰ পিচত ভুক্তভোগী মহিলাগৰাকীক মৰিগাঁও আৰক্ষীৰ জৰিয়তে চিকিৎসাৰ ব্যৱস্থা কৰি দিয়া হৈছিল ৷ এই তথ্যৰ ভিত্তিতে মৰিগাঁও আৰক্ষীয়ে বিগত সপ্তাহত ঘটনাৰে জড়িত তিনিজনক আটক কৰি সোধা পোছা অব্যাহত ৰাখিছিল ৷ পৰৱৰ্তী সময়ত মৰিগাঁও আৰক্ষীয়ে নাজিৰুল ইছলামক গ্ৰেপ্তাৰ কৰে ৷ নাজিৰুল ইছলামক গ্ৰেপ্তাৰ হোৱাৰ পিচতে মৰিগাঁও আৰক্ষীয়ে মৰিগাঁও সদৰ আৰক্ষী থানাত 382/23 নম্বৰৰ এটা গোচৰ ৰুজু কৰি পৰৱৰ্তী তদন্ত আৰম্ভ কৰিছিল ৷ এই তদন্তত পোহৰলৈ আহিছে ভয়ংকৰ তথ্য ।

মঙলবাৰে মৰিগাঁও আৰক্ষীৰ অধীক্ষকৰ কাৰ্যালয়ত সংবাদমেল সম্বোধন কৰি ভুৱা চিকিৎসকৰ নেটৱৰ্কৰ সন্দৰ্ভত কোন কোন পৰোক্ষ বা প্ৰত্যক্ষভাৱে জড়িত আৰু তদন্তৰ অগ্ৰগতিৰ বিষয়ে অতিৰিক্ত আৰক্ষী অধীক্ষকগৰাকীয়ে জানিবলৈ দিয়ে ৷ কাৰ্যতঃ জিলাখনৰ ভিতৰুৱা অঞ্চলত চিকিৎসাৰ নামত একাংশ দগাবাজ লোকে দীৰ্ঘদিন ধৰি অতি কৌশলগতভাৱে মানুহৰ জীৱনক গিনিপিগ হিচাপে ব্যৱহাৰ কৰি আহিছে ৷ কেৱল এগৰাকী মহিলাই নহয় অন্য মহিলাইও এই দলটোৰ চিকাৰ হৈছিল ৷ এই দলটোৰ দুজন সদস্য এতিয়াও পলাতক অৱস্থা আছে বুলি জানিব পৰা গৈছে ৷ আৰক্ষীয়ে দুই পলাতকৰ সন্ধান বিচাৰি তদন্ত অব্যাহত ৰাখিছে ৷

লগতে পঢ়ক: Attempt to rape: বন্ধুৰ ঘৰলৈ আনি যুৱতীক ধৰ্ষণৰ চেষ্টা তিনি যুৱকৰ; ঠিকনা লক্ আপ

Last Updated :Nov 2, 2023, 1:25 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.