Faizan Ahmed death case: বুধবাৰে বিমানযোগে কলিকতালৈ লৈ যোৱা হ’ব ফাইজানৰ মৃতদেহ

By

Published : May 23, 2023, 3:02 PM IST

thumbnail

ডিব্ৰুগড়, 23 মে’: জিলা দণ্ডাধীশ, ডিব্ৰুগড় আৰক্ষী, কলিকতাৰ তদন্তকাৰী দল, অসম চিকিৎসা মহাবিদ্যালয়ৰ 6 জনীয়া দল আৰু মাতৃৰ উপস্থিতিত কবৰৰ পৰা খান্দি উলিওৱা হ’ল ফাইজান আহমেদৰ মৃতদেহ ৷ আজি পুৱা 7 বজাৰ পৰাই আৰম্ভ কৰা হৈছিল খনন প্ৰক্ৰিয়া ৷ অৱশেষত 5 ঘণ্টাৰ মূৰত মৃতদেহটো খান্দি উলিওৱা হ’ল (Faizan Ahmed body dug out) ৷  

উল্লেখ্য যে খড়গপুৰৰ IITৰ ছাত্ৰাবাসত মৃত্যু হৈছিল তিনিচুকীয়াৰ ছাত্ৰ ফাইজান আহমেদৰ ৷ আজি মৃতদেহটো ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ৰ মৰ্গত ৰাখি কাইলৈ অৰ্থাৎ বুধবাৰে পুৱাই বিমানযোগে মৃতদেহটো লৈ যোৱা হ’ব কলিকতালৈ (IIT Kharagpur student death case) ৷ 

ফাইজান আহমেদক হত্যা কৰা হৈছে বুলি ঘটনা সংঘটিত হোৱাৰ পাচত অৱগত হোৱাৰ পাচতেই পৰিয়ালৰ লোকে তদন্তৰ বাবে কাষ চাপিছিল ন্যায়ালয়ৰ ৷ যাৰ বাবে ন্যায়ালয়ে মৃতদেহ খান্দি ঘটনাৰ পুনৰ তদন্তৰ বাবে নিৰ্দেশ প্ৰদান কৰে ৷ 

লগতে পঢ়ক: Faizan Ahmed death case: খান্দি উলিওৱা হ’ল ফাইজান আহমেদৰ মৃতদহে; কবৰস্থানত উত্তপ্ত পৰিস্থিতি

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.