ETV Bharat / state

Faizan Ahmed death case: খান্দি উলিওৱা হ’ল ফাইজান আহমেদৰ মৃতদেহ; কবৰস্থানত উত্তপ্ত পৰিস্থিতি

author img

By

Published : May 23, 2023, 1:49 PM IST

Updated : May 23, 2023, 3:47 PM IST

Faizan Ahmed death case
Faizan Ahmed death case

অৱশেষত খান্দি উলিওৱা হ’ল ফাইজান আহমেদৰ মৃতদেহ ৷ পশ্চিমবংগৰ পৰা অহা তদন্তকাৰী দলে খান্দি উলিয়ালে IIT খড়গপুৰত মৃত্যু হোৱা ছাত্ৰজনৰ মৃতদেহ ৷ ইফালে, মৃতদেহ খন্দাৰ সময়তে সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি (IIT Kharagpur student death case) ৷

কবৰস্থানত উত্তপ্ত পৰিস্থিতি

ডিব্ৰুগড়, 23 মে’: আজি খান্দি উলিওৱা হ’ল IIT খড়গপুৰত মৃত্যু হোৱা অসমৰ ছাত্ৰ ফাইজান আহমেদৰ কবৰস্থ মৃতদেহ ৷ কলিকতাৰ পৰা অহা পশ্চিম বংগৰ অপৰাধ অনুসন্ধান শাখাৰ এটা তদন্তকাৰী দলে খান্দি উলিয়ালে ফাইজানৰ মৃতদহেটো ৷ ডিব্ৰুগড়ৰ আমোলাপট্টি কবৰস্থান কবৰস্থ কৰা হৈছিল ফাইজানৰ মৃতদেহ (IIT student Faizan Ahmed) ৷

ইফালে, মৃতদেহ খান্দি উলিওৱাৰ সময়তে কবৰস্থানত সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতি ৷ কবৰ খান্দি থকাৰ সময়তে কবৰস্থানত অকৰ্তৃত্বশীলভাৱে আহি উপস্থিত হয় খড়গপুৰ আই আই টিৰ কাৰ্যকৰী পঞ্জীয়ক তমাল নাথৰ নেতৃত্বত এটা দল ৷ পৰিয়ালৰ লোকে কবৰস্থানলৈ অহাত বাধা প্ৰদান কৰে সেই দলটোক ৷ যাৰ বাবে আৰক্ষীৰ সন্মুখতে সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ ৷ পৰিয়াল লোকৰ অভিযোগ যে আদালতৰ অনুমতি অবিহনেই খড়গপুৰ আই আই টিৰ পৰা এই দলটো আহিছে তদন্তত বেমেজালিৰ সৃষ্টি কৰিবলৈ (Faizan Ahmed body dug out) ৷

উল্লেখ্য যে বিগত বৰ্ষৰ ১৪ অক্টোৱৰত IIT খড়গপুৰৰ ছাত্ৰাবাসত অৰ্ধগলিত অৱস্থাত উদ্ধাৰ হৈছিল তিনিচুকীয়াৰ ফাইজান আহমেদৰ মৃতদেহ ৷ যাক কেন্দ্ৰ কৰি সমগ্ৰ দেশজুৰি সৃষ্টি হৈছিল প্ৰতিক্ৰিয়াৰ ৷ প্ৰথম অৱস্থাত এই ঘটনাক আত্মহত্যা বুলি কোৱা হৈছিল যদিও পৰিয়ালৰ লোকে দাবী কৰিছিল যে প্ৰকৃততে এয়া আছিল এক হত্যাকাণ্ড ৷ যাৰ বাবে পৰিয়ালৰ দাবী আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ হস্তক্ষেপত পুনৰ আৰম্ভ হৈছিল তদন্ত প্ৰক্ৰিয়া (Assam IIT student died in IIT Kharagpur) ৷

ঘটনা সংঘটিত হোৱাৰ প্ৰায় 7 মাহৰ পাচত ফাদিল হৈছিল ফাইজান আহমেদক হত্যা কৰাৰ কথা ৷ পৰিয়ালৰ লোকে ছাত্ৰজনক হত্যা কৰা বুলি আদালতৰ দাৰস্থ হোৱাৰ পিচতে ন্যায়ালয়ে 25 এপ্ৰিলত মৃতদেহ পুনৰ পৰীক্ষাৰ গুৰুত্বপূৰ্ণ নিৰ্দেশ দিছিল ৷ সেই নিৰ্দেশনাৰ ভিত্তিতেই কলিকতাৰ পৰা এটা তদন্তকাৰী দল উপস্থিত হৈ আজি খান্দি উলিওৱা হয় ৷

উল্লেখ্য যে ফাইজান কেইবাদিনো ধৰি হোষ্টেলৰ কোঠাৰ পৰা ওলোৱা নাছিল ৷ ফাইজানক নেদেখি সহপাঠীৰ লগতে পৰিয়ালৰ লোকে ফোনযোগে যোগাযোগ কৰিবলৈ চেষ্টা কৰিছিল যদিও ফাইজানে ফোনৰ প্ৰত্যুত্তৰ দিয়া নাছিল ৷ ফাইজানৰ এই কাৰ্যই সকলোকে চিন্তাত পেলাইছিল ৷ তাৰ পিছতে তেওঁৰ সহপাঠীসকলে দুৱাৰ খুলি কোঠাটোত প্ৰৱেশ কৰাৰ লগে লগে ফাইজানৰ মৃতদেহ মজিয়াত পৰি থকা অৱস্থাত প্ৰত্যক্ষ কৰে ৷

লগতে পঢ়ক: Kharagpur IIT student case: আজি খান্দি উলিওৱা হ’ব ফাইজান আহমেদৰ মৃতদেহ

Last Updated :May 23, 2023, 3:47 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.