ETV Bharat / state

Kharagpur IIT student case: আজি খান্দি উলিওৱা হ’ব ফাইজান আহমেদৰ মৃতদেহ

author img

By

Published : May 23, 2023, 11:02 AM IST

আজি খান্দি উলিওৱা হ’ব IIT খড়গপুৰত মৃত্যু হোৱা মেধাবী ছাত্ৰ ফাইজান আহমেদৰ কবৰস্থ কৰা মৃতদেহ ৷ পশ্চিমবংগৰ এটা তদন্তকাৰী দলে খান্দিব মৃতদেহটো ৷ মৃতদেহটো খন্দাৰ বাবে ইতিমধ্যেই সম্পূৰ্ণ কৰা তোলা হৈছে যাৱতীয় প্ৰস্তুতি (IIT student Fizan Ahmed death case) ৷

Kharagpur IIT student case
Kharagpur IIT student case
আজি খান্দি উলিওৱা হ’ব ফাইজান আহমেদৰ মৃতদেহ

ডিব্ৰুগড়, 23 মে’: IIT খড়গপুৰত মৃত্যু হোৱা তিনিচুকীয়াৰ ছাত্ৰ ফাইজান আহমেদৰ মৃতদেহ আজি কবৰৰ পৰা খান্দি উলিওৱা হ’ব ৷ ইতিমধ্যেই দেওবাৰে ডিব্ৰুগড়ত আহি উপস্থিত হৈছেহি পশ্চিমবংগৰ এটা তদন্তকাৰী দল ৷ কবৰ খন্দাৰ বাবে যাৱতীয়া সা-সামগ্ৰী যোগাৰ কৰিছে তদন্তকাৰী দলটোৱে ৷ 2022 বৰ্ষৰ 16 অক্টোবৰত ডিব্ৰুগড়ৰ দক্ষিণ আমোলাপট্টি কবৰস্থানত জানাজা দিয়া হৈছিল ফাইজান আহমেদক (IIT student Fizan Ahmed death case) ৷

উল্লেখ্য যে, 2022 চনৰ 14 অক্টোবৰত ৰহস্যজনক অৱস্থাত IIT খড়গপুৰৰ হোষ্টেলৰ কোঠাত অৰ্ধগলিত অৱস্থাত উদ্ধাৰ কৰা হৈছিল ফাইজানৰ মৃতদেহ ৷ যি ঘটনাই সৃষ্টি কৰিছিল চাঞ্চল্যৰ ৷ প্ৰথম অৱস্থাত এই ঘটনা আত্মহত্যা বুলি ধাৰণা কৰা হৈছিল যদিও সমগ্ৰ ঘটনা সন্দৰ্ভত অব্যাহত আছিল তদন্ত ৷ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই এই ঘটনাৰ যথাযথ তদন্ত বিচাৰি পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীলৈ প্ৰেৰণ কৰিছিল এক পত্ৰ (Kharagpur IIT student death case) ৷

ইয়াৰ পাচতে এই সন্দৰ্ভত কলকাতা উচ্চ ন্যায়ালয়ৰ দ্বাৰা গঠিত এখন কমিটিয়ে এক প্ৰতিবেদন দাখিল কৰে য’ত ফাইজানৰ মূৰৰ পাচফালে আঘাতৰ চিন থকাৰ কথা উল্লেখ কৰা হয় ৷ কিন্তু আৰক্ষীৰ প্ৰতিবেদনত এই কথা উল্লেখ কৰা হোৱা নাছিল ৷ সেয়েহে ন্যায়ালয়ে যোৱা 25 এপ্ৰিলত পুনৰ সমগ্ৰ দিশটো পুনৰীক্ষণ কৰি প্ৰতিবেদন দাখিল কৰাৰ বাবে আৰক্ষীক নিৰ্দেশ দিয়ে ৷ এই নিৰ্দেশৰ পাচতেই এতিয়া তদন্তৰ বাবে আজি খান্দি উলিওৱা হ’ব কবৰস্থ কৰা ফাইজানৰ মৃতদেহ (Assam student death in IIT Kharagpur) ৷

জানিব পৰা মতে, ফাইজান কেইবাদিনো ধৰি হোষ্টেলৰ কোঠাৰ পৰা ওলোৱা নাছিল ৷ ফাইজানক নেদেখি সহপাঠীৰ লগতে পৰিয়ালৰ লোকে ফোনযোগে যোগাযোগ কৰিবলৈ চেষ্টা কৰিছিল যদিও ফাইজানে ফোনৰ প্ৰত্যুত্তৰ দিয়া নাছিল ৷ ফাইজানৰ এই কাৰ্যই সকলোকে চিন্তাত পেলাইছিল ৷ তাৰ পিছতে তেওঁৰ সহপাঠীসকলে দুৱাৰ খুলি কোঠাটোত প্ৰৱেশ কৰাৰ লগে লগে ফাইজানৰ মৃতদেহ মজিয়াত পৰি থকা অৱস্থাত প্ৰত্যক্ষ কৰে ৷

লগতে পঢ়ক: IIT খড়গপুৰত অসমৰ ছাত্ৰৰ ৰহস্যজনক মৃত্যু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.