Drugs seized in Lakhimpur: লখিমপুৰত ড্ৰাগছসহ পতি-পত্নীক আটক

By ETV Bharat Assamese Team

Published : Sep 23, 2023, 4:38 PM IST

thumbnail

লখিমপুৰ,২৩ ছেপ্টেম্বৰ: কেৱল নকল সোণ, জালনোট আদিৰ বাবেই নহয় । মাৰাত্মক বৰবিহ ড্ৰাগছৰো ৰম্যভূমিত পৰিণত হৈছে লখিমপুৰ জিলা । আৰক্ষীয়ে এনে বেহাৰ বিৰুদ্ধে শক্তিশালী ৰূপত অভিযান চলাই সফলতা লাভ কৰিছে যদিও থমকি ৰোৱা নাই অবৈধ বেহা । আৰক্ষীৰ কঠোৰ স্থিতি নাইবা ৰঙা চকুকো কেৰেপ নকৰি চলাই গৈছে বৰবিহৰ বেহা । যোৱানিশা এনে বেহাৰ বিৰুদ্ধে এক সফল অভিযান চলায় । লখিমপুৰত ড্ৰাগছৰ বিৰুদ্ধে নিশা চলিল আৰক্ষীৰ অভিযান । পতি পত্নীক আটক । লখিমপুৰত ড্ৰাগছৰ বিৰুদ্ধে তীব্র অভিযান আৰক্ষীৰ । যোৱা নিশা চলিল চাবতি অঞ্চলত অভিযান । অভিযানৰ নেতৃত্ব লয় আৰক্ষী আৰক্ষীক আনন্দ মিশ্রই । নিশা অভিযান চলাই আটক কৰে ড্ৰাগছ সহ জয়ন্ত পাতিৰ নামৰ ড্ৰাগছ বেপাৰী আৰু তেওঁৰ পত্নীক । লখিমপুৰ বাইপাচৰ সমীপত নিশা চলিল আৰক্ষীৰ এই অভিযান ।  

অভিযানত ৭৬ ড্ৰাগছ ভৰ্তি কন্টেইনাৰ জব্দ কৰিবলৈ সক্ষম হয় আৰক্ষী । গাঁওৰক্ষী বাহিনী, স্থানীয় ৰাইজৰ সহযোগত চলে আৰক্ষীৰ এই অভিযান । জব্দ কৰা ড্ৰাগছখিনিৰ মূল্য ২০ লক্ষাধিক হ’ব বুলি ধাৰণা কৰা হৈছে । স্থানীয় ৰাইজৰ মতে ধৃত জয়ন্ত পাতিৰ পূৰ্বতেও এনে অপকৰ্মৰ সৈতে জড়িত আছিল । জেইললৈও যাবলগীয়া হৈছিল জয়ন্ত পাতিৰ । এনে গোচৰত জেইলত থাকি কিছু দিনৰ আগতেহে তেওঁ মুকলি হৈ আহিছিল । জেইলৰ পৰা আহিয়েই পুনৰ তেওঁ এনে অবৈধ বৰবিহৰ বেহাত জড়িত হৈ পৰে । সম্প্ৰতি ড্ৰাগছ বেপাৰী পতি-পত্নী লখিমপুৰ সদৰ থানাৰ আলহী ।

লগতে পঢ়ক: FIR against the Assam CM: ঘৃণা বিয়পোৱাৰ অভিযোগত মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে এজাহাৰ দাখিল মহিলা কংগ্ৰেছৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.