Morigaon Murder case: কুঠাৰেৰে ঘপিয়াই পত্নীক হত্যা স্বামীৰ

By

Published : Jan 7, 2023, 1:55 PM IST

Updated : Feb 3, 2023, 8:38 PM IST

thumbnail

মৰিগাঁৱৰ শুকদল গাঁৱত শুকুৰবাৰে নিশা এটা নৃশংস হত্যাকাণ্ডৰ ঘটনা সংঘটিত হয় (Morigaon Murder case)৷ ঘটনাৰ বিৱৰণী মতে, মৰিগাঁও জিলাৰ মিকিৰভেটা আৰক্ষী থানাৰ অন্তৰ্গত শুকদল গাঁৱৰ বাসিন্দা মুনিয়া হীৰা আৰু পত্নী কামিনী হীৰাৰ মাজত হোৱা পাৰিবাৰিক সংঘাতৰ ফলস্বৰূপে প্ৰথমে তৰ্ক-বিৰ্তক হয় ৷ তাৰ পিছতে কুঠাৰেৰে ঘপিয়াই পত্নীক হত্যা কৰে নিজ স্বামী মুনিয়াই (Husband brutally killed wife )৷ এই ঘটনাৰ পিছতে শুকদল গাঁৱত এক চেপা উত্তেজনাই বিৰাজ কৰে ৷ ইতিমধ্যে নিহত কামিনী হীৰাৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে মৰিগাঁও অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে (Husband killed wife in Morigaon) । ইফালে ঘটনাস্থলীত স্থানীয় আৰক্ষী উপস্থিত হৈ হত্যাকাৰী মুনিয়া হীৰাক আটক কৰিবলৈ (Accused husband arrested) সক্ষম হয় ৷ উল্লেখ্য যে, প্ৰায়েই এই দুই স্বামী-স্ত্ৰীৰ মাজত কাজিয়া হৈ আহিছিল যদিও শুকুৰবাৰে এই কাজিয়াই চৰম ৰূপ লয় ৷

Last Updated : Feb 3, 2023, 8:38 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.