Murder in Narayanpur: নাৰায়ণপুৰৰ ভোলাবৰীত নৃশংস হত্যাকাণ্ড

By

Published : Mar 16, 2023, 2:10 PM IST

thumbnail

বিহপুৰীয়া, 16 মাৰ্চ: লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ ভোলাবৰীত সংঘটিত হৈছে এক নৃশংস হত্যাকাণ্ড (Narayanpur murder news) । স্বামীয়ে শোৱাপাটীতে হত্যা কৰিলে পত্নীক ৷ অমানৱীয় এই ঘটনাই অঞ্চলটোত সৃষ্টি কৰিছে চাঞ্চল্য ৷ 

জানিব পৰা মতে, ভোলাবৰী নিবাসী সুশান্ত বৰাই পত্নী মমী বৰাক হত্যা কৰি পলায়ন কৰিছে (husband brutally killed wife) । দৰ্জা বন্ধ কৰি শোৱনি কোঠাতে নিশা পত্নীক হত্যা কৰি খিৰিকীৰে পলাই যায় হত্যাকাৰী সুশান্তই । পুৱা ভাতৃক ফোন কৰি নিজেই পত্নীক হত্যা কৰাৰ কথা স্বীকাৰ কৰে সুশান্ত বৰাই । 

ঘটনাৰ কথা অৱগত হোৱাৰ লগে লগে পৰিয়ালৰ লোকে আৰক্ষীক খবৰ দিয়ে । পৰৱৰ্তী সময়ত নাৰায়ণপুৰ আৰক্ষীৰ লগতে দণ্ডাধীশ উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰে (Murder in Narayanpur) । মৃত মমী বৰাৰ শৰীৰত স্পষ্ট হৈ আছিল আঘাতৰ চিন । 

বৰ্তমানেও পলাতক অৱস্থাতে আছে হত্যাকাৰী স্বামী সুশান্ত বৰুৱা । হত্যাকাণ্ডৰ কাৰণ এই মুহূৰ্তলৈকে জানিব পৰা হোৱা নাই । এগৰাকী কণমানি সন্তানৰ মাতৃ আছিল মৃত মমী বৰা । ১১ বছৰ ভাল পাই মমীক বিয়া কৰাইছিল সুশান্তই ।

লগতে পঢ়ক : Methun creating terror: নাৰায়ণপুৰত মেঠোনে চলাইছে ত্ৰাস

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.