Methun creating terror: নাৰায়ণপুৰত মেঠোনে চলাইছে ত্ৰাস

By

Published : Mar 16, 2023, 12:33 PM IST

thumbnail

তেজপুৰ, ১৬ মাৰ্চ : অন্তহীন সমস্যাৰে জৰ্জৰিত অসম অৰুণাচল প্ৰদেশৰ সীমান্তৱৰ্তী অঞ্চলৰ ৰাইজ ৷ কেতিয়াবা যদি সীমা বিবাদৰ ফলত সমস্যাই দেখা দিয়ে, কেতিয়াবা আকৌ বনৰীয়া হাতীৰ তাণ্ডৱ ৷ এইবাৰ নাৰায়ণপুৰ অঞ্চলত দেখা দিছে অন্য এক সমস্যাই ৷ অৰুণাচলৰ বাসিন্দাৰ পোহনীয়া মেঠোনে ত্ৰাসৰ সৃষ্টি কৰিছে নাৰায়ণপুৰ অঞ্চলৰ ৰাইজৰ ।

সীমাহীন সমস্যাৰ মাজত জীৱন সংগ্ৰাম চলাই থকা সীমান্তৱৰ্তী অঞ্চলৰ লোকে বিগত দহ বছৰে সন্মুখীন হৈ আহিছে এই সমস্যাৰ ৷ এক দীঘলীয়া সময় ধৰি মেঠোনৰ আতংকই দেখা দি আহিছে নাৰায়ণপুৰৰ অসম-অৰুণাচল সীমান্তৱৰ্তী অঞ্চলত ৷ অৰুণাচলী লোকৰ পোহনীয়া মেঠোনে বিস্তৰ ক্ষতিসাধন কৰি আহিছে নাৰায়ণপুৰ ৰাজহ চক্ৰ এলেকাৰ তৰাজুলি, শান্তিপুৰ, কেৰেকজুলি, বিষ্ণুপুৰ, গৰুবন্ধা আদি অঞ্চলত ৷ বিগত প্ৰায় ১০ বছৰে বৃহৎ অঞ্চলটোত অৰুণাচল প্ৰদেশৰ পৰা নামি অহা মেঠোনে অঞ্চলটোৰ ঘৰ-দুৱাৰ ভঙাৰ লগতে অনিষ্ট কৰি আহিছে বাৰীৰ তামোল, কলগছৰ লগতে শাক-পাচলি আৰু চাহ খেতিৰ ৷

ইমানেই নহয়, সুযোগ পালেই মানুহলৈও চোঁচা লয় পাহাৰৰ পৰা নামি অহা জাক-জাক মেঠোনে । ফলত ভয়-শংকাৰ মাজেৰে উজাগৰি নিশা কটাবলগীয়া হৈছে সীমান্তবাসী ৰাইজে । পিছে বিষয়টোৰ সন্দৰ্ভত বন বিভাগে বৰ্তমানেও লোৱা নাই কোনো পদক্ষেপ ৷ 

লগতে পঢ়ক : Demand for resettlement of evicted people: উচ্ছেদিতক পুনৰ সংস্থাপন, ক্ষতিপূৰণৰ দাবীত কৃষক মুক্তিৰ প্ৰতিবাদ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.