ঢাকালীয়াপাৰা প্ৰাথমিক বিদ্যালয়ৰ শতবৰ্ষ সমাৰোহ

By ETV Bharat Assamese Team

Published : Dec 9, 2023, 4:24 PM IST

thumbnail

বৰপেটা, 9 ডিচেম্বৰ : বৰপেটা বিধানসভা সমষ্টিৰ অন্তৰ্গত সংঘালঘু অধ্যুষিত অঞ্চল ঢাকালিয়াপাৰাত অৱস্থিত শিক্ষাৰ ক্ষেত্ৰত অগ্ৰণী ভূমিকা গ্ৰহণ কৰা 111 নং ঢাকালিয়াপাৰা প্ৰাথমিক বিদ্যালয়ে অতিক্ৰম কৰিলে এশ বছৰ ৷ 8 ডিচেম্বৰৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে বিদ্যালয়েখনে উদযাপন কৰিছে শতবৰ্ষ ৷  

বৃহত্তৰ পশ্চিম বৰপেটা অঞ্চলৰ বিৰল কৃতিত্বৰ ইতিহাস ৰচা প্ৰাথমিক বিদ্যালয়খনৰ শতবৰ্ষ বাৰেৰহণীয়া কাৰ্যসূচীৰে উদযাপন কৰা হৈছে ৷ শতবৰ্ষৰ উদযাপন সমাৰোহৰ দেওবাৰে অনুষ্ঠিত হ’বলগা মুকলি সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব ৰাজ্যৰ শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগু ৷ লগতে মুকলি সভাত বৰপেটা লোকসভা সমষ্টিৰ সাংসদ আব্দুল খালেক, বিধায়ক জাকিৰ হুছেইন শিকদাৰ, বিধায়ক মনোৰঞ্জন তালুকদাৰ, প্ৰাক্তন বিধায়ক গুনীন্দ্ৰ নাথ দাস আৰু বৰপেটা জিলাৰ আয়ুক্ত আয়ুষ গৰ্গ উপস্থিত থাকিব বুলি জনাবলৈ দিছে উদযাপন সমিতিয়ে ৷  

ইফালে শনিবাৰে বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীৰ লগতে প্ৰাক্তন ছাত্ৰ-ছাত্ৰী স্থানীয় ৰাইজৰ উদ্যোগত বিশাল সাংস্কৃতিক শোভাযাত্ৰাৰ বাহিৰ কৰা হয় ৷ শোভাযাত্ৰাত অসমীয়া কৃষ্টি-সংস্কৃতিৰ বিভিন্ন কলা প্ৰদৰ্শন কৰা হয় ৷

লগতে পঢ়ক : পৰম্পৰাগত ম’হযুঁজৰ নিষেধাজ্ঞা প্ৰত্য়াহাৰ: কেবিনেটৰ সিদ্ধান্তক আদৰণি গোৱালৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.