Drugs Seized at Sonari: অৱধ আসাম ৰে'লৰ পৰা বুজন পৰিমাণৰ ড্ৰাগছ জব্দ

By

Published : Jun 9, 2023, 6:23 PM IST

thumbnail

ডিব্ৰুগড়, 9 জুন: চৰাইদেউ জিলাৰ সোণাৰিৰ ভজোত অৱধ আসাম ৰে'লৰ পৰা বুজন পৰিমাণৰ সন্দেহযুক্ত ড্ৰাগছ জব্দ ৷ শুকুৰবাৰে সোণাৰিৰ ভজোত অৱধ আসাম ৰে’লৰ পৰা আৰক্ষীয়ে জব্দ কৰে ড্ৰাগছখিনি (Drugs seized from Abadh Assam Express in Sonari) ৷  

গোপন সূত্ৰৰ ভিত্তিত চৰাইদেউ জিলা আৰক্ষীয়ে অভিযান চলাই অৱধ আসাম ৰে'লৰ পৰা  জব্দ কৰে বুজন পৰিমাণৰ সন্দেহযুক্ত ড্ৰাগছ ৷ লগতে আটক কৰে এগৰাকী মহিলাসহ এটা সৰবৰাহকাৰী (Drugs Paddler Arrested at Sonari) ৷ আৰিফুল ৰহমান আৰু এগৰাকী মহিলাই অৱধ আসাম ৰে’লত ডিমাপুৰৰ পৰা ডিব্ৰুগড়লৈ বুজন পৰিমাণৰ ড্ৰাগছ সৰবৰাহ কৰোতেই ভজোত আৰক্ষীয়ে ড্ৰাগছসহ  আটক কৰে দুয়োকে (Huge quantity of drugs seized) ৷

আটকাধীন দুয়োগৰাকীৰ ঘৰ ফৰকাটিঙত বুলি জানিবলৈ দিছে আৰক্ষীয়ে ৷ দুই সৰবৰাহকাৰীৰ পৰা অৱধ আছাম এক্সপ্ৰেছৰ 6 নং ডবাত লুকুৱাই অনা অৱস্থাত আৰক্ষীয়ে জব্দ কৰে প্ৰায় এক কেজি ওজনৰ নিষিদ্ধ ড্ৰাগছ (Drugs Seized at Sonari) ৷

লগতে পঢ়ক: Oil thief arrested: আৰক্ষীৰ জালত কুখ্যাত তেলচোৰ গগন ভূঞা

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.