Assam HSLC result 2023 : দুটাকৈ স্থান দখলেৰে উজলিল অসম জাতীয় বিদ্যালয়

By

Published : May 22, 2023, 4:17 PM IST

thumbnail

গুৱাহাটী, ২২ মে’ : আজি অৰ্থাৎ সোমবাৰে ঘোষণা কৰা হ’ল হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল (HSLC result 2023) । হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত ৰাজ্যৰ ভিতৰতে ষষ্ঠ স্থান লাভ কৰিবলৈ সক্ষম হ’ল অসম জাতীয় বিদ্যালয়ৰ অন্তৰা মবাচ্ছিৰা হক খণ্ডকাৰে ৷

ভৱিষ্যতে এগৰাকী চিকিৎসক হোৱাৰ মন অন্তৰা মবাচ্ছিৰা হক খণ্ডকাৰৰ ৷ আজৰি সময়ত কিতাপ পঢ়ি, ছবি আঁকি ভালপোৱা মেধাৱী ছাত্ৰীগৰাকীয়ে এই সফলতাৰ বাবে প্ৰায় ১২ ঘন্টাকৈ অধ্যয়ন কৰিছিল ৷ ইতিমধ্যে নুনমাটিৰ মছজিদ গলিত থকা ছাত্ৰীগৰাকীয়ে এলেন ক’চিং চেন্টাৰত নামভৰ্তি কৰিছে ৷

আনহাতে, IIT ত অধ্যয়ন কৰাৰ মন অসম জাতীয় বিদ্যালয়ৰ দশম স্থান প্ৰাপক নীলাভ পাঠকৰ । ক্ৰিকেট আৰু ফুটবল খেলি ভালপোৱা মেধাৱী ছাত্ৰজনে ভৱিষ্যতে এগৰাকী সুদক্ষ অভিযন্তা হোৱাৰ সপোন দেখিছে ৷ ইফালে পূৰ্বৰ দৰে এইবাৰো অসম জাতীয় বিদ্যালয়ৰ উত্তীৰ্ণৰ হাৰ এশ শতাংশ ৷

HSLC ৰ ফলাফল ঘোষণাৰ পিচতে অসম জাতীয় বিদ্যালয়ৰ মুকলি চ’ৰাত আয়োজন কৰা এক বিশেষ অনুষ্ঠানত বিদ্যালয়খনৰ পৰা স্থানপ্ৰাপক অন্তৰা মবাচ্ছিৰা হক খণ্ডকাৰ আৰু নীলাভ পাঠকক বিদ্যালয়ৰ তৰকফৰ পৰা বিশেষভাৱে সম্বৰ্ধনা জনোৱা হয় ৷

লগতে পঢ়ক : Assam HSLC result 2023:অষ্টম স্থানত নাৰায়ণপুৰৰ ধলপুৰৰ কুলদীপ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.