Assam HSLC result 2023:অষ্টম স্থানত নাৰায়ণপুৰৰ ধলপুৰৰ কুলদীপ

By

Published : May 22, 2023, 1:51 PM IST

thumbnail

বিহপুৰীয়া, 22 মে' : আজি ঘোষণা হ’ল হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল (HSLC result 2023) । হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত ৰাজ্যৰ ভিতৰতে অষ্টম স্থান লাভ কৰি বিহপুৰীয়া বিধানসভা সমষ্টিলৈ গৌৰৱ কঢ়িয়াই আনিছে নাৰায়ণপুৰৰ ধলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ কুলদীপ হাজৰিকাই । কুলদীপে সৰ্বমুঠ ৬০০ নম্বৰৰ ভিতৰত ৫৮৭ নম্বৰ লাভ কৰি ৰাজ্যৰ ভিতৰতে অষ্টম স্থান লাভ কৰিবলৈ সক্ষম হয় ।

পিতৃয়ে দুবছৰ বয়সতে এৰি থৈ যোৱা কুলদীপে মাতৃ মনিকা দাসৰ সৈতে মোমায়েক মিন্টু দাসৰ ঘৰতে থাকি অধ্যয়ন কৰিছিল । বিদ্যালয়ৰ পাঠ্যপুঁথিৰ লগতে আন আন কিতাপ পঢ়াত ৰুচি থকা কুলদীপৰ অনাগত সময়ত বিজ্ঞান শাখাত অধ্যয়ন কৰি এগৰাকী সুদক্ষ চিকিৎসক হোৱাৰ সপোন (Assam HSLC result 2023) ।

লগতে পঢ়ক : HSLC result 2023:পঞ্চম স্থান দখল মহানগৰীৰ কাহিলিপাৰাৰ উপকূল পৰাশৰৰ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.