চাঞ্চল্যকৰ: স্বামীয়ে হত্যা কৰি পুতি থলে দুই সন্তানৰ মাতৃক

By ETV Bharat Assamese Team

Published : Dec 6, 2023, 10:04 PM IST

Updated : Dec 6, 2023, 10:24 PM IST

thumbnail

কৰিমগঞ্জ, 6 ডিচেম্বৰ : স্বামীয়ে হত্যা কৰি গভীৰ অৰণ্যত পুতিলে দুই সন্তানৰ মাতৃক ৷ বৰ্তমান পৰ্যন্ত পলাতক আৱস্থাত আছে অভিযুক্ত স্বামী ৷ ত্ৰিপুৰাৰ খোয়াই জিলাৰ, কল্যাণপুৰ থানাৰ অন্তৰ্গত হোলং মুথাই এডিচি গাঁৱৰ হাজাৰী বাৰী অঞ্চলত সংঘটিত হয় এই ঘটনা ৷

ঘটনা সন্দৰ্ভত ইতিমধ্যে আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত ৷ ঘটনা সন্দৰ্ভত তেলিয়ামুৰা মহকুমা আৰক্ষী বিষয়া প্ৰসূন ক্ৰান্তি ত্ৰিপুৰাই কয় যে মঙলবাৰে নিশা প্ৰায় 9 বজাত জেচমিন দেৱবৰ্মা আৰু তেওঁৰ স্বামী নিৰুদ্দেশ হোৱাৰ খবৰ পোৱা গৈছিল ৷ ইয়াৰ পিছতে আৰক্ষী আৰু স্থানীয় ৰাইজে দুয়োজনক বিচাৰি এক অভিযান চলায় ৷  

বুধবাৰে পুৱাৰ ভাগত আৰক্ষীয়ে এক উৎসৰ পৰা তথ্য লাভ কৰে যে মহিলাগৰাকীক স্বামীয়ে হত্যা কৰি অঞ্চলটোৰ ডাঠ হাবিত মাটিত পুতি থয় ৷ আৰক্ষীয়ে এই অঞ্চলত তালাচী চলাই মহিলাগৰাকীৰ থকা মৃতদেহ উদ্ধাৰ কৰে ৷ মহকুমা আৰক্ষী বিষয়া প্ৰসূন ক্ৰান্তি ত্ৰিপুৰাই জনোৱা অনুসৰি এয়া এক পৰিকল্পিত হত্যাকাণ্ড ৷ ইতিমধ্যে ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ৷ 

লগতে পঢ়ক : বঙাইগাঁৱৰ ডেকলীমাৰি-ধলাগাঁৱত একে নিশাই ৯ টা গৰু চুৰি

Last Updated : Dec 6, 2023, 10:24 PM IST

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.