Terrible Road Accident at Duliajan: দুলীয়াজানত ডাম্পাৰ-স্কুটীৰ মুখামুখি সংঘৰ্ষ, যুৱতীসহ দুই স্কুটী আৰোহী নিহত

By ETV Bharat Assamese Team

Published : Oct 2, 2023, 2:19 PM IST

thumbnail

ডিব্ৰুগড়,2 অক্টোবৰ : দুলীয়াজানৰ বৰপথাৰ তিনিআলিত ভয়ংকৰ পথ দুর্ঘটনা । তীব্ৰবেগী ডাম্পাৰ আৰু স্কুটীৰ মাজত মুখামুখি সংঘৰ্ষ হয় ৷  ফলত থিতাতে নিহত এজন স্কুটী আৰোহী ৷ এই ঘটনাত আহত হৈছে দুজনকৈ লোক ৷ 

ঘটনা অনুসৰি এখন স্কুটীত এগৰাকী যুৱতী আৰু দুই যুৱকসহ তিনিজনলোকে দুলীয়াজানৰ পৰা মধুৱন দিশে গৈ আছিল ৷ তেনে সময়তে দুলীয়াজান-মধুৱন সংযোগী পথৰ 1 নং বৰপথাৰ তিনিআলিত বিপৰীত দিশৰ পৰা অহা এখন ডাম্পাৰত খুন্দা মাৰে স্কুটীখনে ৷ ফলত দুৰ্ঘটনাস্থলীতে নিহত হয় এজন যুৱক আৰু চিকিৎসালয়ত মৃত্যু ঘটে যুৱতীগৰাকীৰ ৷

এই দুৰ্ঘটনা সংঘটিত কৰিয়েই ইতিমধ্যে ডাম্পাৰখন পলায়ন কৰে ৷ দুৰ্ঘটনাগ্ৰস্ত স্কুটীখনৰ নম্বৰ হৈছে AS23 AF 4018 ৷ ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে ৷ 

লগতে পঢ়ক:Ek Tarikh Ek Ghanta EK Sath: ডিব্ৰুগড়ত ‘এক তাৰিখ এক ঘণ্টা এক সাথ’ কাৰ্যসূচীত সৰ্বানন্দ সোণোৱাল

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.