Ek Tarikh Ek Ghanta EK Sath: ডিব্ৰুগড়ত ‘এক তাৰিখ এক ঘণ্টা এক সাথ’ কাৰ্যসূচীত সৰ্বানন্দ সোণোৱাল

By ETV Bharat Assamese Team

Published : Oct 1, 2023, 4:32 PM IST

thumbnail

মৰাণ, ১ অক্টোবৰ: স্বচ্ছ ভাৰত শ্লোগানেৰে দেশৰ বিভিন্ন প্ৰান্তৰৰ দৰে ডিব্ৰুগড়ত 'এক তাৰিখ এক ঘণ্টা এক সাথ' কাৰ্যসূচী ডিব্ৰুগড়তো ৰূপায়ণ কৰা হয় । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই হাতত ঝাড়ু লৈ ব্ৰহ্মপুত্ৰৰ পাৰত চাফাই অভিযানত অংশ ল'লে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে।  

ডিব্ৰুগড় পৌৰসভা কাৰ্যালয়ৰ পৰা কাছাৰীঘাটৰ প্ৰতিমা বিসৰ্জনথলীলৈকে স্বচ্ছতা অভিযানৰ কাৰ্যসূচীত অংশ ল'লে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে। চহৰখনৰ নগৰ সুৰক্ষাবান্ধৰ আৱৰ্জনাত চাফাই চলালে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে । কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ সৈতে এই কাৰ্যসূচীত বিধায়ক প্ৰশান্ত ফুকন, ডিব্ৰুগড় জিলা আৰক্ষী অধীক্ষক শ্বেতাংক মিশ্ৰ, পৌৰপতি চৈকত পাত্ৰ, উপ-পৌৰপতি উজ্জ্বল ফুকন, ডিব্ৰুগড় নগৰ উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ অসীম হাজৰিকা আদিয়ে অংশগ্ৰহণ কৰে ।

লগতে পঢ়ক:Executive Meeting of asom sahitya sabha : আজিৰে পৰা আৰম্ভ অসম সাহিত্য সভাৰ কাৰ্যনিৰ্বাহক সভা

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.