Heroin seized in Sonapur:সোণাপুৰত ১৬ কোটি টকাৰ হেৰ’ইন জব্দ

By

Published : Jul 11, 2023, 5:09 PM IST

thumbnail

গুৱাহাটী, ১১ জুলাই : সোণাপুৰত জব্দ ১৬ কোটি টকাৰ ড্ৰাগছ । Special Task force চমুকৈ STF এ অভিযান চলাই জব্দ কৰে এই বৃহৎ পৰিমাণৰ ড্ৰাগছ ।  মঙলবাৰে সংবাদমেল যোগে এই কথা সদৰী কৰিছে অতিৰিক্ত আৰক্ষী অধীক্ষ কল্যাণ কুমাৰ পাঠকে ।

আৰক্ষীয়ে গোপন সূত্ৰৰ ভিত্তিত অভিযান চলাই সোণাপুৰৰ পৰা হেৰ’ইন সহ এটা সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে । ধৃত সৰবৰাহকাৰীটোক মহানগৰীৰ গাড়ীগাঁৱৰ মফিজুল হক (৩৪) বুলি চিনাক্ত কৰা হৈছে । মণিপুৰৰ পৰা AS 01 BL 2211 নম্বৰৰ এখন Honda City বাহনেৰে লৈ অনা হৈছিল এই ড্ৰাগছখিনি । প্ৰথমে চাংসাৰিলৈ অনাৰ পৰিকল্পনা আছিল যদিও পিচত সোণাপুৰলৈ অনাৰ পৰিকল্পনা কৰা হয় ।

সোণাপুৰলৈ লৈ আহি থকা অৱস্থাতে STF এ অভিযান চলাই হেৰ’ইন সহ সৰবৰাহকাৰীটোক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় । ড্ৰাগছ সৰবৰাহকাৰীৰ গাড়ীখন ৰখাবলৈ এক জাই গুলীও ফুটাবলগীয়া হয় বুলি তেওঁ মন্তব্য কৰে । ধৃত সৰবৰাহকাৰীটোৱে ১৪৫ টা চাবোনৰ বাকচত হেৰ’ইনখিনি কঢ়িয়াই আনিছিল । হেৰ’ইনখিনিৰ বজাৰ মূল্য ১৬ কোটি টকা হ’ব বুলি জানিব পৰা গৈছে । ইয়াৰ পূৰ্বেও ড্ৰাগছ সৰবৰাহ ঘটনাৰ সৈতে জড়িত থকাৰ বাবে গ্ৰেপ্তাৰ হৈছিল ধৃত সৰবৰাহকাৰীটোক ।

লগতে পঢ়ক : Protest against drugs: ড্ৰাগছৰ বিৰুদ্ধে তিনিচুকীয়াৰ যজ্ঞোখোৱাত ৰাজহুৱা প্ৰতিবাদী সভা

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.