ETV Bharat / state

Protest against drugs: ড্ৰাগছৰ বিৰুদ্ধে তিনিচুকীয়াৰ যজ্ঞোখোৱাত ৰাজহুৱা প্ৰতিবাদী সভা

author img

By

Published : Jul 9, 2023, 9:13 PM IST

Public protest meeting against drugs in Tinsukia
ড্ৰাগছৰ বিৰুদ্ধে ৰাজহুৱা প্ৰতিবাদী সভা

চৰকাৰ প্ৰশাসন কঠোৰ হোৱাৰ পাচতো ৰাজ্যত অব্যাহত অবাধ হাৰত ড্ৰাগছৰ প্ৰচলন । তিনিচুকীয়াতো ড্ৰাগছ আসক্তৰ সংখ্যা বৃদ্ধি পোৱাক লৈ চিন্তিত হৈ পৰিছে ৰাইছে । সেয়ে দেওবাৰে তিনিচুকীয়াৰ বাৰেকুৰি আঞ্চলিক যুৱ সংঘৰ উদ্যোগত আৰু স্থানীয় ৰাইজৰ সহয়োগত অনুষ্ঠিত কৰে এখনি ৰাজহুৱা প্ৰতিবাদী সভা ।

ড্ৰাগছৰ বিৰুদ্ধে ৰাজহুৱা প্ৰতিবাদী সভা

তিনিচুকীয়া, ৯ জুলাই: তিনিচুকীয়া জিলাত দিনক দিনে বৃদ্ধি পাবলৈ ধৰা মাৰাত্মক ড্ৰাগছৰ প্ৰচলনৰ বাবে চিন্তিত হৈ পৰিছে সচেতন সমাজ । মাৰাত্মক ড্ৰাগছৰ অবাধ প্ৰচলনৰ ফলত ব্যাপকভাৱে বৃদ্ধি হৈছে পংগু ভৱিষ্যতৰ দিশে ঠেলি দিয়া এইছ আই ডি ৰোগৰ ৷ যাৰ বাবে দেওবাৰে তিনিচুকীয়া জিলাৰ বাৰেকুৰিৰ যজ্ঞোখোৱা নামঘৰত এখন ৰাজহুৱা প্ৰতিবাদী সভা অনুষ্ঠিত কৰা হয় ।

বাৰেকুৰি আঞ্চলিক যুৱ সংঘৰ উদ্যোগত, যজ্ঞোখোৱা জ্যোতিৰ্ময় যুৱ সংঘৰ সহযোগত আয়োজন কৰা উক্ত প্ৰতিবাদী ৰাজহুৱা সভাখনত বাৰেকুৰি আঞ্চলিক যুৱ সংঘৰ ভাৰপ্ৰাপ্ত সভাপতি দণ্ডী চুতীয়াই সভাপতিত্ব কৰাৰ লগতে সভাৰ উদ্দেশ্য ব্যাখ্যা আগবঢ়াই বৰেকুৰি আঞ্চলিক যুৱ সংঘৰ সম্পাদক মানৱ চেতিয়াই । সভাত অসম ৰাজ্যিক এইডচ্‌ নিয়ন্ত্ৰণ সমিতিৰ কাউন্সিলাৰ আৰু জিলাখনৰ সমল ব্যক্তি আবুল আলীয়ে বিশেষভাৱে উপস্থিত থাকি উপস্থিত ৰাইজক সজাগ কৰিবৰ বাবে মাৰাত্মক ড্ৰাগছ আৰু এইছ আই ভি ৰ ওপৰত বিষদভাৱে ব্যাখ্যা কৰে ।

লগতে এইক্ষেত্ৰত গাঁৱৰ ৰাইজ তথা বিভিন্ন দল-সংগঠনৰ কৰণীয়ৰ সন্দৰ্ভত বক্তব্য প্ৰদান কৰে ৷ লগতে এইক্ষেত্ৰত যিকোনো ড্ৰাগছ আসত্ত লোকক নিজক শুধৰাবলৈ, চিকিৎসা কৰিবলৈ অথবা এইছ আই ভি ৰ পৰীক্ষা কৰিবলৈ তিনিচুকীয়া অসামৰিক চিকিৎসালয়লৈ আগবাঢ়ি যাবলৈ আহ্বান জনোৱাৰ লগতে যাৱতীয় কৰণীয়খিনিত সহযোগিতা আগবঢ়াই যাব বুলি সদৰী কৰে ৷

পৰৱৰ্তী সময়ত সভাত উপস্থিত প্ৰতিবাদী ৰাইজে যজ্ঞোখোৱাৰ ৰাজপথত এক সজাগতামূলক প্ৰতিবাদী সমদল বাহিৰ কৰি ড্ৰাগছ সৰবৰাহকাৰী, ড্ৰাগছ আসক্তক সকীয়নি প্ৰদান কৰি বিভিন্ন শ্ল'গানেৰে পৰিবেশ উত্তাল কৰি তোলে ৷ এইক্ষেত্ৰত বাৰেকুৰি আঞ্চলিক যুৱ সংঘৰ সম্পাদক মানৱ চুতীয়াই কয় যে বৃহত্তৰ বাৰেকুৰি অঞ্চলত শেহতীয়াকৈ ড্ৰাগছৰ প্ৰচলন বৃদ্ধি পাবলৈ ধৰাটো অতি দুৰ্ভাগ্যজনক । বৰবিহ স্বৰূপ ড্ৰাগছৰ ব্যৱহাৰৰ ফলত যুৱ প্ৰজন্মৰ মাজত ভয়ংকৰ পৰিৱেশে বিৰাজ কৰিছে । সকলোৱে ঐক্যবদ্ধ প্ৰচেষ্টাৰে ড্ৰাগছৰ লগতে সমাজবিৰোধী চক্ৰৰ বিৰুদ্ধে মাৰবান্ধি থিয় দিব লাগে ।

বাৰেকুৰি আঞ্চলিক যুৱ‌ সংঘৰ উপদেষ্টা বিজয় চুতীয়া, নৱজ্যোতি চুতীয়া, সভাপতি দিব্য বৰগোহাঁই, উমাকান্ত গোঁহাই সভাত উপস্থিত থাকি দায়িত্ব আৰু কৰ্তব্যৰ ওপৰত বক্তব্য ৰাখি সমাজখনৰ সুৰক্ষা, নিৰাপত্তা আৰু সৰ্বাংগীন উন্নয়নৰ বাবে গাঁৱৰ প্ৰত্যেকজন নাগৰিকৰ বহুত কৰণীয় আছে বুলি কৈ এইক্ষেত্ৰত আৰক্ষীৰ সৈতে অহৰহ সমন্বয় ৰক্ষা কৰি চলাই থকা প্ৰয়োজন বুলি ভাষণ দাঙি ধৰে ।

যুৱ চামৰ মাজত অবাধ প্ৰচলন হ'বলৈ ধৰা ড্ৰাগছ আৰু নিচাযুক্ত দ্ৰব্যৰ সৰবৰাহ আৰু সেৱনকাৰীসকলৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিবলৈ সকলোকে আহ্বান জনায় । এখন সুস্থ সমাজ গঢ় দিবলৈ সমাজৰ প্ৰত্যেকেই বলিষ্ঠ ভূমিকা গ্ৰহণ কৰিব লাগিব বুলি বক্তব্য আগবঢ়ায় । এই সভাই যজ্ঞোখোৱা গাঁৱৰ পথত ফলক আঁৰি দিয়া, বাৰেকুৰিত কিছুদিনৰ পৰা চলি থকা ড্ৰাগছ আৰু অসামাজিক কামকাজৰ বিৰুদ্ধে জ্যোতিময় যুৱ সংঘৰ প্ৰত্যেকজন বিষয়াই চোকা নজৰ ৰখা আদি কেইবাটাও প্ৰস্তাৱ গ্ৰহণ কৰে ।

লগতে পঢ়ক: Assam CM: অসমৰ 12খন জিলা বাংলাদেশীৰ হাতত- মুখ্যমন্ত্ৰীৰ বিস্ফোৰণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.