Assam CM: অসমৰ 12খন জিলা বাংলাদেশীৰ হাতত- মুখ্যমন্ত্ৰীৰ বিস্ফোৰণ

By

Published : Jul 9, 2023, 7:31 PM IST

Updated : Jul 9, 2023, 10:53 PM IST

thumbnail

কমলপুৰ,9 জুলাই,  তিনি গগৈৰ প্ৰসংগত বিস্ফোৰক মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ  ৷ তেওঁ কয় ‘‘ তিনি গগৈয়ে হাত দাঙিছে মই বেয়া পোৱা নাই ৷  আমাক সন্দিকৈ, বুঢ়াগোঁহাই, দাস, মৰাণ, কোচ, কলিতা, গগৈ সকলোকে লাগিব ৷  আমি একগোট নহ’লে অসমখন দ্বিতীয় বাংলাদেশ হ’ব ৷ কাৰণ এতিয়া এখন এখনকৈ বাংলাদেশীৰ হাতলৈ গুচি গৈছে ৷ এতিয়া 12 খন জিলা বালাংদেশীৰ হাতলৈ গ’ল আৰু যাব ৷  এতিয়া বাকী কেইখন জিলা ৰক্ষাৰ বাবে তিনি গগৈৰ সৈতে সকলোৱে হাত দঙাৰ ব্যৱস্থা কৰিম আমি ৷ ’’  

আনহাতে সমষ্টি পুনৰ নিৰ্ধাৰণৰ প্ৰক্ৰিয়া শেষ হ’লে পঞ্চায়ত পুনৰ নিৰ্ধাৰণৰ হ’ব বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে ৷ পঞ্চায়ত নিৰ্বাচনৰ ক্ষেত্ৰত কি কি সাল-সলনিৰ কথা চিন্তা কৰিছে সেই সন্দৰ্ভত মুখ্যন্ত্ৰীয়ে কয়, ‘‘বৰ্তমান চলি থকা পঞ্চায়ত ব্যৱস্থাৰ পৰিৱৰ্তন কৰি দুই খলপীয়া কৰাৰ কথা চিন্তা কৰি থকা হৈছে ৷ জুলাই মাহত যদি সমষ্টি পুনৰ নিৰ্ধাৰণৰ প্ৰক্ৰিয়া শেষ হয় তেতিয়া হ’লে পঞ্চায়ত পুনৰ নিৰ্ধাৰণ কৰা হ’ব ৷ নতুন পঞ্চায়তৰ ভিত্তি হ’ব আগন্তুক পঞ্চায়ত নিৰ্বাচন ৷’’

অসম ৰাজ্যিক চিৰিয়াখানাৰ সন্দৰ্ভতো মন্তব্য কৰি মুখ্যমন্ত্ৰী শৰ্মাই কয়,‘‘ চিৰিয়াখানাখনক সম্পূৰ্ণ নতুনকৈ সজাই পৰাই তোলাৰ পৰিকল্পনা কৰা হৈছে ৷ আগন্তু তিনি-চাৰি মাহৰ ভিতৰত নিৰ্মাণ কাম আমি আৰম্ভ কৰিব পাৰিম ৷’’  

লগতে পঢ়ক:BJP Program: গগৈ উপাধিৰ লোকসকল বিজেপিৰ সপক্ষে আছে- ভৱেশ কলিতা

Last Updated : Jul 9, 2023, 10:53 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.