টাৱাঙত প্ৰচণ্ড তুষাৰপাত, শীতৰ আমেজ লৈছে পৰ্যটকে

By ETV Bharat Assamese Team

Published : Dec 15, 2023, 11:49 AM IST

thumbnail

তেজপুৰ, ১৫ ডিচেম্বৰ : তুষাৰাচ্ছন্ন হৈ পৰিছে পশ্চিম অৰুণাচল প্ৰদেশৰ টাৱাং ৷ টাৱাঙৰ চাৰিওফালে কেৱল বৰফ আৰু বৰফ ৷ শীতে কঢ়িয়াই অনা হিমকণাই আৱৰি ধৰিছে টাৱাঙৰ ভূপৃষ্ঠ ৷ বিশেষকৈ পাহাৰে আগুৰি থকা অঞ্চলসমূহত দেখিবলৈ পোৱা গৈছে তুষাৰপাতৰ ডাঠ ডাঠ তৰপ ৷

তাপমাত্ৰা হ্ৰাস পোৱাৰ লগে লগে সমভূমিবোৰত শীতৰ পৰিমাণ বৃদ্ধি পাবলৈ ধৰিছে । বছৰৰ প্ৰথমটো তুষাৰপাতৰ ফলত স্তব্ধ হৈ পৰিছে জনজীৱন ৷ টাৱাং জিলাৰ সমান্তৰালভাৱে দাঁতিকাষৰীয়া লুংলা, জেমীথাং, বুমলা পাছ, চাংগেষ্টৰ লেক (মধুৰী লেক) আৰু বুমজা অঞ্চলত প্ৰচণ্ড তুষাৰপাত হোৱা দেখিবলৈ পোৱা গৈছে হৈছে ।

অৱশ্যে এই তুষাৰপাতৰ আমেজ লৈছে আকৌ দেশী বিদেশী বহু পৰ্যটকে । আনহাতে, টাৱাঙৰ চেলা পাছো বৰ্তমান প্ৰকৃতিৰ এখন শুভ্ৰ দলিচালৈ পৰিণত হোৱা পৰিলক্ষিত হৈছে ৷ এক কথাত ক’বলৈ গ’লে প্ৰকৃতিৰ এক মনোমোহা দৃশ্যই যেন এতিয়া হাত বাউল দি মাতিছে টাৱাংলৈ ।

বুধবাৰ আৰু বৃহস্পতিবাৰে দিনৰ ভাগত টাৱাং চহৰত হিম বৰষুণ হোৱাৰ লগতে বতৰ প্ৰায় প্ৰতিকূল হৈ আছিল । দুয়োটা দিনতে তুষাৰপাত হৈয়ে আছিল ৷ ফলত সমগ্ৰ দিনটো কেৱল ডাৱৰীয়া হৈ আছিল ৷ ইয়াৰ সমান্তৰালভাৱে বৰ্ডাৰ ৰোডছ অৰ্গেনাইজেচনৰ কৰ্মচাৰীয়ে পথত জমা হোৱা বৰফ আঁতৰাই সামান্য মুকলি কৰি দিয়ে ৷

লগতে পঢ়ক : ছিকিমত হাড় কঁপোৱা ঠাণ্ডা ! তুষাৰপাতৰ ফলত আবদ্ধ 1217 পৰ্যটকক উদ্ধাৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.