Car vandalised : গোলাঘাটত এখন বাহনৰ গ্লাছ ভঙাক লৈ উত্তপ্ত পৰিস্থিতি

By ETV Bharat Assamese Team

Published : Nov 13, 2023, 10:26 AM IST

Updated : Nov 13, 2023, 1:25 PM IST

thumbnail

গোলাঘাট, 13 নৱেম্বৰ : গোলাঘাট জিলাৰ ভগাগাঁৱত দীপাৱলীৰ উখল মাখল পৰিৱেশৰ মাজতে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে ৷ এখন বাহনৰ গ্লাছ ভঙাক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ৷ জানিব পৰামতে, অৰুণ গোঁহাই নামৰ লোকজনে দেৱালী চাই ঘৰলৈ উভতি আহি থকাৰ পথতে ভগাগাঁৱত অচিনাক্ত লোকে তেওঁৰ বাহনখনত আক্ৰমণ কৰে ৷

ব্যক্তিজনৰ গাড়ীৰ পিচফালৰ দুখন গ্লাছ ভাঙি দিয়াত কাৰ্যত পিচফালে বহি থকা তেওঁৰ পুত্ৰ কোনোমতে ৰক্ষা পৰে ৷ ইয়াৰ পিচতে লোকজনে কিছুসংখ্যক যুৱক ৰৈ থকা দেখা পাই যদিও কোনে এই কাণ্ড সংঘটিত কৰিছে সেইবিষয়ে সঠিককৈ ধৰিব নোৱাৰে ৷ ইয়াৰ পিচতে ঘটনাস্থলীত পৰিৱেশ কিছু উত্তপ্ত হৈ পৰে ৷  

এই ঘটনাৰ খবৰ লাভ কৰি, ঘটনাস্থলীত গোলাঘাট সদৰ আৰক্ষীৰ এটা দল উপস্থিত হৈ পৰিৱেশ শান্ত কৰে যদিও বৰ্তমানলৈকে কোনো লোকক আটক কৰিব পৰা নাই ৷ এই আক্ৰমণৰ ফলত কোনোলোক হতাহত হোৱা নাই যদিও কোনে কি কাৰণত এই ঘটনা সংঘটিত কৰিলে জানিব পৰা হোৱা নাই ৷

লগতে পঢ়ক: Public Protest at Sachal: দীপাৱলীৰ বন্তি জ্বলাই শিলসাঁকোৰ উচ্ছেদিতই কামনা কৰিলে চৰকাৰৰ সুমতি

Last Updated : Nov 13, 2023, 1:25 PM IST

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.