যোৰহাটৰ কম্পিউটাৰ চেন্টাৰত উত্তেজনাময় পৰিস্থিতি

By ETV Bharat Assamese Team

Published : Dec 15, 2023, 5:25 PM IST

thumbnail

যোৰহাট,১৫ ডিচেম্বৰ: শুকুৰবাৰে পুৱাতেই যোৰহাটৰ অজন্তা বাইপাছৰ সমীপত থকা এটা কম্পিউটাৰ চেন্টাৰত সৃষ্টি হয় এক উত্তেজনাময় পৰিস্থিতিৰ । অজন্তা বাইপাছৰ সমীপত থকা Galaxy computer চেন্টাৰত অনুষ্ঠিত হোৱা GDCE টেকনিচিয়ান পদোন্নতি পৰীক্ষাত বেমেজালি হোৱাৰ বাবেই সৃষ্টি হয় এই উত্তেজনাময় পৰিস্থিতিৰ । উক্ত চেন্টাৰৰ বিষয়া-কৰ্মচাৰীৰ হেমাহিৰ বাবে উক্ত পৰীক্ষাত বহাৰ পৰা বঞ্চিত হয় পৰীক্ষাৰ্থীসকল ।  

জানিব পৰা মতে সময়মতে পৰীক্ষা কেন্দ্ৰত ৰে'ল বিভাগত কৰ্মৰত লোকসকল আহি উপস্থিত হৈছিল । কিন্তু উক্ত কম্পিউটাৰ চেন্টাৰত থকা কম্পিউটাসমূহৰ আই ডি খোল নোখোৱাত এই পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ পৰা বঞ্চিত হয় । ইফালে বাৰে বাৰে কৰ্তৃপক্ষক এই সম্পৰ্কে জনোৱাৰ পিছতো তেওঁলোকে কোনোধৰণৰ সুদুত্তৰ দিব নোৱাৰি মাথো হ'ব হ'ব বুলি কৈ থাকে । ফলত প্ৰাপ্য পদোন্নতিৰ পৰা বঞ্চিত হৈ ১৬৭ গৰাকী পৰীক্ষাৰ্থীয়ে প্ৰাপ্য বিচাৰি কম্পিউটাৰ চৌহদৰ ভিতৰত এক হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি কৰে ।

লগতে পঢ়ক: বন্যহস্তীৰ জাকে সৰ্বস্বান্ত কৰিছে মৰঙিবাসীক, কথমপি প্ৰাণৰক্ষা লোকৰ

TAGGED:

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.