Health Minister K. Mahanta visit in Nagaon: ১ ছেপ্টেম্বৰৰ পৰা ১২ খন মেডিকেল কলেজত নতুন পাঠ্যক্ৰম আৰম্ভ

By ETV Bharat Assamese Team

Published : Aug 28, 2023, 8:16 PM IST

thumbnail

নগাঁও,28 আগষ্ট : ৰাজ্যত নৱ নিৰ্মিত মেডিকেল কলেজসমূহত নতুন পাঠ্যক্ৰম আৰম্ভ কৰাৰ বাবে তৎপৰ হৈ পৰিছে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত । মন্ত্ৰী কেশৱ মহন্তৰ কাৰ্যকালতে ৰাজ্যত নতুনকৈ আৰম্ভ হৈছে তিনিখনকৈ চিকিৎসা মহাবিদ্যালয়। নতুন তিনিখন চিকিৎসা মহাবিদ্যালয়ৰ লগতে ৰাজ্যৰ মুঠ 12 খনকৈ চিকিৎসা মহাবিদ্যালয়ত অহা 1 ছেপ্তেম্বৰৰ পৰা নতুন শিক্ষাবৰ্ষ প্ৰথম বাৰ্ষিকৰ পাঠ্যক্ৰম আৰম্ভ হ’ব ।

ইয়াৰ ভিতৰত নতুনকৈ স্থাপন কৰা নগাঁও, নলবাৰী আৰু কোকৰাঝাৰ মেডিকেল কলেজত প্ৰথমবাৰৰ বাবে নতুন শিক্ষাবৰ্ষৰ পাঠ্যক্ৰমৰ শুভাৰম্ভ হ’ব ৷ যাৰ বাবে সোমবাৰে নৱ নিৰ্মিত নগাঁও মেডিকেল কলেজ পৰ্যবেক্ষণ কৰিলে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই ৷ নগাঁও মেডিকেল কলেজ পৰিদৰ্শন কৰি প্ৰথমবাৰ আৰম্ভ কৰিবলগীয়া পাঠ্যক্ৰমৰ বাবে প্ৰয়োজনীয় সকলো দিশক লৈ মেডিকেল কলেজ কৰ্তৃপক্ষৰ লগত আলোচনাত মিলিত হৈ পৰ্যালোচনা কৰে ।

লগতে পঢ়ক:MLA Sashi Kanta Das: ৰহাক উপ-জিলা ঘোষণাৰ পাছতে উৎফুল্লিত বিধায়ক শশীকান্ত দাস

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.