GPC Elections result: সভাপতি পদত সুস্মিতা গোস্বামী আৰু সাধাৰণ সম্পাদক পদত দ্বিতীয়বাৰৰ বাবে সঞ্জয় ৰায়ৰ জয়

By

Published : Jun 5, 2023, 7:32 AM IST

thumbnail

গুৱাহাটী, ৫ জুন : ঘোষণা কৰা হ’ল গুৱাহাটী প্ৰেছ ক্লাৱৰ সাধাৰণ নিৰ্বাচনৰ ফলাফল (Guwahati Press Club Elections result)। ১০ টা পদত অনুষ্ঠিত হোৱা নিৰ্বাচনত সভাপতি পদত সুস্মিতা গোস্বামী, উপ সভাপতি পদত যতীন ভাগৱতী, উপ সভাপতি (সংৰক্ষিত) পদত অলকা বৰুৱা, সাধাৰণ সম্পাদক পদত দ্বিতীয়বাৰৰ বাবে সঞ্জয় ৰায়, সহকাৰী সাধাৰণ সম্পাদক দিলোৱাৰ হুছেইন মজুমদাৰে ৷

আনকি সহকাৰী সাধাৰণ সম্পাদক সংৰক্ষিত পদত মিতালী কোঁৱৰ, কোষাধ্যক্ষ পদত মনিন্দ্ৰ ডেকা, সাংস্কৃতিক সম্পাদক পদত পল্লৱী বৰা আৰু ক্ৰীড়া সম্পাদক আজাদ গগৈয়ে জয় লাভ কৰে । আনহাতে, সাংগঠনিক সম্পাদক পদত কিশোৰ শৰ্মাই বিনা প্ৰতিদ্বন্দ্বীতাৰে জয় লাভ কৰে ।

উল্লেখ্য যে, তিনি বছৰৰ অন্তত শনিবাৰে অনুষ্ঠিত হৈছিল গুৱাহাটী প্ৰেছ ক্লাৱৰ সাধাৰণ নিৰ্বাচন (Guwahati Press Club Elections 2023) । এই নিৰ্বাচনত মুঠ ৯৯৮ টা ভোটাৰৰ বিপৰীতে ৯০৬ গৰাকী ভোটাৰে ভোটদান কৰিছিল। এই নিৰ্বাচনত ২৫ গৰাকী প্ৰাৰ্থীয়ে অংশগ্ৰহণ কৰিছিল ।

লগতে পঢ়ক : Guwahati press club election 2023: আৰম্ভ হ’ল গুৱাহাটী প্ৰেছ ক্লাৱৰ সাধাৰণ নিৰ্বাচনৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.