৩১ ডিচেম্বৰত মাত্ৰাধিক হৈ-হাল্লা কৰিলে কঠোৰ ব্যৱস্থা ল’ব মহানগৰ আৰক্ষীয়ে

By ETV Bharat Assamese Team

Published : Dec 30, 2023, 9:50 PM IST

thumbnail

গুৱাহাটী, 30 ডিচেম্বৰ: ৩১ ডিচেম্বৰৰ বাবে সাজু মহানগৰ আৰক্ষী । গুৱাহাটীৰ সকলো স্থানতে অভিযান চলিব । অসামৰিক পোছাকত থাকিব আৰক্ষীৰ লোক । সুৰাপান কৰি ৰাজপথত ওলালে বাতিল হ'ব অনুজ্ঞাপত্ৰ, ভৰিব লাগিব জৰিমনা, যাব লাগিব জে’ললৈ ৷ এই কথা সদৰী কৰিছে মহানগৰ আৰক্ষী আয়ুক্ত দিগন্ত বৰাই ।

তেওঁ সংবাদ মাধ্যমৰ আগত কয়, ‘‘নতুন বছৰত ফূৰ্তি কৰক, কিন্তু কোনো আনন্দৰ মাজত যাতে বিষাদ নাহে তাৰ বাবে সজাগ হ’ব লাগিব । মেট্ৰিক, দ্বাদশ শ্ৰেণীৰ পৰীক্ষা সমাগত ৷ গতিকে আনন্দ কৰোঁতে যাতে কাৰো অসুবিধা নহয় আৰু ৰোগীয়া লোকৰো যাতে অসুবিধা নহয় সেইটো গুৰুত্ব দিবলৈ ৰাইজক সজাগ হ'বলৈ আহ্বান জনায় ।’’

সুৰাপান কৰি গাড়ী নচলাবলৈ সকলোকে আহ্বান জনায় দিগন্ত বৰাই । কিয়নো সুৰাপান কৰি গাড়ী চলাই বহু লোকৰ প্ৰাণ নাশ হয় । সেয়েহে সুৰাপান কৰি গাড়ী নচলাবলৈ আহ্বান জনায় । নৱবৰ্ষৰক আদৰাৰ নামত অপ্ৰীতিকৰ পৰিৱেশ সৃষ্টি কৰাৰ পৰা বিৰত থাকিবলৈও আহ্বান জনায় আৰক্ষী আয়ুক্তগৰাকীয়ে । বাৰ, ৰেষ্টোৰাসমূহহো বান্ধি দিয়া সময় মতে বন্ধ কৰিব লাগিব, নহ’লে কঠোৰ আইনগত ব্যৱস্থা লোৱা হ'ব বুলি মন্তব্য কৰে আৰক্ষী আয়ুক্তগৰাকীয়ে ।

লগতে পঢ়ক: 2023ৰ কোনকেইটা অপৰাধে জোকাৰি গ’ল ৰাজ্য ?

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.