ETV Bharat / state

2023ৰ কোনকেইটা অপৰাধে জোকাৰি গ’ল ৰাজ্য ?

author img

By ETV Bharat Assamese Team

Published : Dec 30, 2023, 5:28 PM IST

Year Ender 2023: কাৰোবাক আত্মীয়ই হত্যা কৰিলে, আন কোনোবাই আকৌ নিজৰ প্ৰাণ ল’লে । আনহাতে কোনোবাই সন্তানক নিৰ্যাতন চলাই ৰঙাঘৰৰ আলহী হ’ল ৷ 2023 বৰ্ষ সাক্ষী হৈ ৰ’ল কেইবাটাও অপৰাধনামাৰ ৷ এই সকলোবোৰ সামৰি সাংবাদিক কুলগীতা সাউদৰ এক বিশেষ প্ৰতিবেদন ৷

Guwahati Crime 2023
অপৰাধ গুৱাহাটী

গুৱাহাটী, 30 ডিচেম্বৰ: চাওতে চাওতে বছৰটো বাগৰিবৰে হ’ল । বহুতৰ বাবে সফলতা-বিফলতা, সুখ-দুখ, হাঁহি-কান্দোনৰ দলিল হ’ল 2023 বৰ্ষটো । এই বছৰটোত কেবাটাও অপৰাধমূলক ঘটনাই কঁপাই গ’ল ৰাজ্য । তাৰে কেইটামান বিশেষ ঘটনা হ’ল-

চেলিব্ৰিটী চিকিৎসক দম্পত্তীৰ আখ্যান

তোলনীয়া সন্তানক নিৰ্যাতন চলাই চেলিব্ৰিটী চিকিৎসক দম্পত্তী আলহী হ’ল ৰঙাঘৰৰ ৷ মহানগৰীৰ মাজমজিয়াত সংঘটিত চিকিৎসক দম্পতীৰ শিশু নিৰ্যাতন কাণ্ডই জোঁকাৰি গৈছিল সমগ্ৰ ৰাজ্য । চিকিৎসক দম্পত্তীয়ে প্ৰখৰ ৰ’দত বান্ধি থোৱা অৱস্থাত উদ্ধাৰ হৈছিল তেওঁলোকৰ তিনি বছৰীয়া তোলনীয়া কন্যা শিশু ৷ কাষৰীয়াৰ অভিযোগৰ ভিত্তিত পল্টন বজাৰ আৰক্ষীয়ে চাইল্ডলাইনৰ সহযোগত উদ্ধাৰ কৰিছিল শিশুটিক । শিশুটিয়েও চিকিৎসক পিতৃ-মাতৃয়ে ঘৰৰ ছাদত বান্ধি থোৱা বুলি দিছিল বিস্ফোৰক স্বীকাৰোক্তি । তাৰ পাছতে আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধিৰ ৩০৭/৩২৫/ ৩৪১/৩৪ আৰু কিশোৰ ন্যায় আইনৰ ৭৫ ধাৰাৰ অধীনত ১৯৩/২৩ নম্বৰত এক গোচৰ ৰুজু কৰি ডাঃ ৱালিউল ইছলাম আৰু সংগীতা দত্তক গ্ৰেপ্তাৰ কৰাৰ লগতে চিকিৎসক দম্পতীৰ ঘৰৰ বনকৰা মহিলা লক্ষী ৰায়, কাবাই আৰু শিশু যোগানকাৰী উৎপলা বসুক গ্ৰেপ্তাৰ কৰিছিল ।

উৎপলা বসুয়ে সংগীতা দত্তক ধনৰ বিনিময়ত দুই শিশুক যোগান ধৰিছিল । শিশু দুটি ক'ৰ পৰা অনা হৈছিল, উৎপলাক কোনে যোগান ধৰিছিল, শিশু দুটিৰ প্ৰকৃত পিতৃ-মাতৃ কোন সেই তথ্য পোহৰলৈ নাহিল ।

গুৱাহাটীৰ অভিজাত চেলিব্ৰেটি চিকিৎসক দম্পতীৰ হাতত নিৰ্যাতন তথা যৌন উৎপীড়নৰ বলি হোৱা নিষ্পাপ শিশু দুটিৰ ঘটনা পোহৰলৈ অহাৰ পাছতে শিশু বিক্ৰীৰ যে এটা বৃহৎ চক্ৰ আছে সেই ভয়ংকৰ তথ্য পোহৰলৈ আহিছিল । সম্প্ৰতি চেলিব্ৰিটী চিকিৎসক দম্পত্তীটোৱে গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰৰ অন্ধকাৰ কুঠৰীত দিন পাৰ কৰিবলগীয়া হৈছে ।

বন্দনা আখ্যান

স্বামী অমৰজ্যোতি দে’ আৰু শাহুৱেক শংকৰী দে'ক নৃশংসভাৱে হত্যা কৰিছিল বন্দনা কলিতাই । উক্ত হত্যাকাণ্ডত বন্দনা কলিতাক সহায় কৰিছিল ধনটি ডেকা আৰু অৰূপ ডেকাই । হত্যাকাণ্ডৰ সাতমাহৰ পাছত পোহৰলৈ আহিছিল ঘটনাটো । তিনি অভিযুক্তই মিলি ধনৰ লালসাৰ বাবে অমৰজ্যোতি দে’ আৰু শংকৰী দে'ক হত্যা কৰি চোকা দাৰে মৃতদেহ টুকুৰা-টুকুৰকৈ কাটি মেঘালয়ৰ ডাউকি আৰু চেৰাপুঞ্জীৰ পথৰ পৰা প্ৰায় ৬০-৭০ ফুট তললৈ পেলাই দিছিল ৷ ২০২২ চনৰ ২৬ জুলাইত শহুৱেক শংকৰী দে’ আৰু ১৭ আগষ্টত স্বামী অমৰজ্যোতি দে’ক নৃশংসভাৱে হত্যা কৰাৰ পাছত হত্যাকাৰী বন্দনাই নাৰেংগীৰ স্বামী গৃহত পাপ মোচনৰ বাবে পাতিছিল সত্য নাৰায়ণ পূজা । হত্যা কৰাৰ পাছত স্বামী আৰু শাহুৱেক নিৰুদ্দেশ হৈ থকাৰ খবৰ দিছিল মহানগৰ আৰক্ষীক । 2023 বৰ্ষৰ ১৪ ফেব্ৰুৱাৰীৰ পৰা মহানগৰ আৰক্ষীয়ে মাতৃ শংকৰী দে’ আৰু পুত্ৰ অমৰজ্যোতি দে’ নিখোঁজ হোৱা ঘটনাৰ তদন্তৰ আঁতধৰি ঘাতক বন্দনা কলিতা, ধনটি ডেকা আৰু অৰূপ ডেকাক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে ৷ ইয়াৰ পাছত নৃশংস হত্যাকাণ্ডটোৰ তিনি অভিযুক্তক লগত লৈ তদন্তকাৰী আৰক্ষীৰ দলে মেঘালয়ত অভিযান চলাই মৃতদেহৰ কিছু অৱশিষ্ট উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল । কিন্তু সম্প্ৰতি তিনি অভিযুক্ত মুকলি আকাশৰ তললৈ আহিছে । আৰক্ষীৰ সোপাঢিলা তদন্তৰ বাবেই জামিন লাভ কৰিবলৈ সক্ষম হ’ল তিনি অভিযুক্ত ।

ইন্দ্ৰানী তহবিলদাৰৰ আত্মহত্যা

বিজেপি নেত্ৰী ইন্দ্ৰাণী তহবিলদাৰৰ আত্মহত্যা আৰু চাকৰি কেলেংকাৰীৰ ঘটনাই বিজেপিৰ ভিতৰচৰাত তীব্ৰ জোঁকাৰণিৰ সৃষ্টি কৰিছিল । মুখ্যমন্ত্ৰীয়ে অপৰাধী আৰু অপৰাধমূলক ঘটনাৰ ক্ষেত্ৰত কঠোৰ স্থিতি গ্ৰহণ কৰিবলৈ নিৰ্দেশ দি অহাৰ সময়তে ইন্দ্ৰাণী তহবিলদাৰৰ আত্মহত্যা আৰু চাকৰি কেলেংকাৰীৰ দৰে গোচৰত চান্দমাৰী আৰক্ষীৰ সোপাঢিলা স্থিতিক লৈ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল । ইয়াৰ মাজতে আৰক্ষীৰ চূড়ান্ত ব্যর্থতাত ইতিমধ্যে জামিন লাভ কৰিলে তিনিজনকৈ অভিযুক্তই । ইন্দ্ৰাণী তহবিলদাৰৰ আত্মহত্যাৰ পাছতে উন্মোচন হৈছিল চৰকাৰী চাকৰিৰ নামত চলি অহা ক'লা বজাৰৰ ছবিখন । ইয়াৰ পাচতে বিজেপি নেত্ৰী ইন্দ্ৰাণী তহবিলদাৰৰ আত্মহত্যাক লৈ চান্দমাৰি থানাত ভাৰতীয় দণ্ডবিধিৰ ১২০ বি/৩০৬/৩৮৪ আৰু তথ্য-প্ৰযুক্তি আইনৰ ৬৭ (A) ধাৰাৰ অধীনত ৩১৮/২০২৩ নম্বৰত এটা গোচৰ ৰুজু হয় । অনুৰূপধৰণে চাকৰি কেলেংকাৰীক লৈ ভাৰতীয় দণ্ডবিধিৰ ১২০ (B)/৪০৬/৪২০ ধাৰাৰ অধীনত ৩২৫/২০২৩ নম্ববত আন এটা গোচৰ ৰুজু হয় । উক্ত গোচৰতে আৰক্ষীয়ে বিজেপিৰ পৰা বহিষ্কৃত দিবন ডেকা, তৃষ্ণা শর্মা, অসীমজ্যোতি চক্ৰৱর্তী, ৰেখান্ত দাস, অনুৰাগ চলিহাকে ধৰি ভালেসংখ্যক অভিযুক্তক গ্ৰেপ্তাৰ কৰিছিল । কিন্তু আৰক্ষীৰ সোপাঢিলা তদন্তৰ বাবেই শেহতীয়াভাৱে দিবন ডেকা, তৃষ্ণা শর্মা আৰু অসীমজ্যোতি চক্ৰৱর্তীয়ে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মজিয়াত জামিন লাভ কৰিবলৈ সক্ষম হৈছে । অতি লক্ষ্যণীয়ভাৱে অভিযুক্ত দিবন ডেকাৰ জামিন আবেদনৰ শুনানিকালত চৰকাৰী অধিবক্তাৰ দুৰ্বল স্থিতিৰ বিপৰীতে তদন্তকাৰী বিষয়াই দাখিল কৰিব নোৱাৰিলে সবল তথ্য-প্ৰমাণ । তদুপৰি ইন্দ্ৰাণী তহবিলদাৰৰ মৰণোত্তৰ পৰীক্ষা, বিভিন্ন অভিযুক্তৰ পৰা জব্দ কৰা ইলেক্ট্ৰনিক সামগ্ৰীৰ ফৰেনছিক প্ৰতিবেদন অদ্যপি লাভ কৰা নাই আৰক্ষীয়ে । একেটা গোচৰত বৰ্তমানো পলাতক অৱস্থাত আছে মূল অভিযুক্ত । ইয়াৰ পাছতে উভয়পক্ষৰ অধিবক্তাৰ যুক্তি শুনি, গোচৰৰ সকলোখিনি দিশ পর্যবেক্ষণ কৰি আদালতে কেইবাটাও চর্ত সাপেক্ষে অভিযুক্ত দিবন ডেকাৰ জামিন মঞ্জুৰ কৰে । উল্লেখযোগ্য যে আৰক্ষীৰ দুৰ্বল স্থিতিতে ৰাজ্য কঁপোৱা ইন্দ্ৰাণী তহবিলদাৰৰ আত্মহত্যা আৰু চাকৰি কেলেংকাৰীৰ গোচৰত ইজনৰ পাছত সিজন অভিযুক্তই জামিন লাভ কৰিবলৈ সক্ষম হৈছে । গোচৰৰ মূল অভিযুক্ত অভিমন্যু দাস আৰু কুলদীপ দাসক আজিপর্যন্ত বিচাৰি উলিয়াবলৈ সক্ষম নহ'ল আৰক্ষী ।

বন্ধুক হত্যা কৰি ওলোমাই আনিল স্কুটীত

মহানগৰীৰ নুনমাটি গণেশ মন্দিৰ পথৰ ১২ নং উপ-পথৰ বিজয়াজ্যোতি এপাৰ্টমেণ্টৰ তৃতীয় মহলাৰ 3C নম্বৰ ফ্লেটত সংঘটিত হৈছিল এক লোমহৰ্ষক হত্যাকাণ্ড । ড্ৰাগছ আসক্ত শুভ্ৰজিত বৰা নামৰ যুৱকজনে বামুণীমৈদাম ৰে’লৱে কলনিৰ ৰোহিত দৰ্জী (২৩) নামৰ যুৱকজনক ফ্লেটৰ ভিতৰতে হত্যা কৰে । তাৰ পাছত মৃতদেহটো লিফ্টেৰে নমাই আনে । পৰৱৰ্তী সময়ত অতি সংগোপনে মৃতদেহটো তললৈ নমাই আনি নিজৰ স্কুটিখনত মৃতদেহটো উঠাই লৈ ১২ নং আৰু ১৪ নং উপ-পথৰে কেবাবাৰো অহা-যোৱা কৰে । সেই সময়ত কোনে লোকে হয়তো কল্পনা কৰিব পৰা নাছিল সেয়া এটা মৃতদেহ বুলি । হত্যাকাৰী শুভ্ৰজিত বৰাই মৃতদেহটো এজোপা গছৰ তলত নমাই দিয়াৰ সময়তে স্থানীয় লোকে সন্দেহ প্ৰকাশ কৰি নুনমাটি আৰক্ষীক খবৰ দিয়ে । আৰক্ষীক খবৰ দিয়াৰ উমান পাই হত্যাকাৰীয়ে ততালিকে সেই স্থান এৰি পলায়ন কৰে । ফ্লেটটোৰ নিবাসী কাকলি বৰাৰ সৰু পুত্ৰ শুভ্ৰজিত বৰা কেইদিনমান পূৰ্বে নিচামুক্তি কেন্দ্ৰৰ পৰা ওলাই আহিছিল । হত্যাকাণ্ডটো সংঘটিত কৰাৰ সময়ত শুভ্ৰজিত বৰাৰ মাতৃ কাকলি বৰা ঘৰত উপস্থিত নাছিল । পুৰণি বন্ধু ৰোহিত দৰ্জীয়ে শুভ্ৰজিত বৰাৰ আগমনৰ খবৰ ল’বলৈ ফ্লেটটোত উপস্থিত হৈছিল । দিনৰ ভাগত দুয়োজনে নিচা সেৱন কৰাৰ পাছত কিবা কথাক লৈ দুয়ো জনৰ মাজত কথাৰ তৰ্কা-তৰ্কি হয় । তাৰ পাছত খঙৰ ভমকত শুভ্ৰজিত বৰাই ৰোহিত দৰ্জীক চোকা অস্ত্ৰৰে আঘাত কৰি হত্যা কৰে । যুৱকজনক মাৰপিট আৰু হত্যা কৰাৰ দৃশ্য ইতিমধ্যে CCTV কেমেৰাত বন্দী হয় । ড্ৰাগছৰ বাবেই উক্ত হত্যাকাণ্ড সংঘটিত হোৱা বুলি সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে । হত্যাকাৰী শুভ্ৰজিত বৰাক নুনমাটি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ।

আন্তঃৰাষ্ট্ৰীয় চাইবাৰ চক্ৰ উৎখাত

মহানগৰীত ভুৱা কল চেন্টাৰ চলাই প্ৰৱঞ্চনাৰে কোটি কোটি টকা লুট কৰা ৫২ টাকৈ প্ৰৱঞ্চক আৰক্ষীৰ জালত পৰে 2023 বৰ্ষত । ১৪ ছেপ্টেম্বৰৰ পৰা আৰম্ভ কৰা অভিযানত ভুৱা কল চেন্টাৰৰ মাষ্টাৰ মাইণ্ডসহ ৫২ গৰাকী যুৱক-যুৱতী গ্ৰেপ্তাৰ হৈছিল । অভিযানত ভুৱা কল চেন্টাৰৰ মালিকসহ কল চেন্টাৰত কৰ্মৰত মুঠ ১৯১ গৰাকী যুৱক-যুৱতীক ঘটনা সংক্ৰান্তত সোধা-পোছাৰ বাবে আটক কৰিছিল আৰক্ষীয়ে । উক্ত চক্ৰটোৱে মূলতঃ বিদেশৰ নাগৰিকক লক্ষ্য কৰি লৈছিল যদিও ৰাজ্যৰ লগতে দেশৰ বিভিন্ন প্ৰান্তৰ লোকৰ পৰা প্ৰৱঞ্চনাৰে সৰকাইছিল ধন । বহু লোকৰে কম্পিউটাৰ, ম’বাইল ফোন হেক কৰাৰ চেষ্টা কৰিছিল । চক্ৰটোৰ সৈতে জড়িত থকা কাৰিকৰী বিশেষজ্ঞই নিৰ্দিষ্ট এজন লোকৰ ম’বাইল ফোনত ইন্টাৰনেট কল কৰিছিল । নিজকে অনলাইন ছাৰ্ভিছ সংস্থাৰ মানুহ বুলি চিনাকী দি ম’বাইল ফোন, কম্পিউটাৰ হেক হোৱা বুলি বিভিন্ন লিংক প্ৰেৰণ কৰিছিল । উক্ত লিংকত ক্লিক কৰিলে অথবা ইন্টাৰনেট কল ৰিচিভ কৰিলে ভয়-ভাবুকিৰে ধন দাবী কৰে চক্ৰটোৱে । দাবী কৰা ধন বিটকইন অথবা গীফট ভাউচাৰৰ জৰিয়তে আদায় দিবলৈ কয় । চাইবাৰ অপৰাধীয়ে বিভিন্ন কোম্পানীৰ টোল-ফ্ৰী নম্বৰৰ লগত সংযুক্ত কৰি দিয়ে নিজৰ নম্বৰ । অপাৰেটৰে গ্ৰাহকৰ লগত কিদৰে কথা পাতিব সেই বিষয়েও অপাৰেটৰ সন্মুখত থকা কম্পিউটাৰত নিৰ্দেশনা দিয়া থাকে । চক্ৰটোৱে সংগ্ৰহ কৰা ধন গুৱাহাটীৰ পৰা দিল্লী আৰু গুৰগাঁৱলৈ আন্তঃৰাষ্ট্ৰীয় হাৱালা চক্ৰৰ জৰিয়তে লেনদেন কৰিছিল । য’ত ডলাৰৰ পৰা ভাৰতীয় টকালৈ ধন ৰূপান্তৰ হৈছিল । ছ’চিয়েল মিডিয়াৰ জৰিয়তে চক্ৰটোত নিয়োগ কৰিছিল যুৱক-যুৱতীক । কামৰ বিনিময়ত মোটা অংকৰ ধন আদায় দিছিল চক্ৰটোৱে । ছ’চিয়েল মিডিয়া আৰু ইংৰাজীত দখল থকা যুৱক-যুৱতীক কল চেন্টাৰৰ চাকৰিৰ বাবে বিজ্ঞাপন দিছিল । যুৱক-যুৱতীসকলে কিদৰে প্ৰৱঞ্চনা কৰিব লাগিব সেই বিষয়ে প্ৰশিক্ষণ দিয়া হৈছিল । সঘনাই ঠিকনা সলনি কৰি গুৱাহাটীৰ বিভিন্ন স্থানত চলাই আছিল ভুৱা কল চেন্টাৰ । নিশা কাম চলা এনে কল চেন্টাৰত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰতিখন ৰাজ্যৰৰ উপৰিও পঞ্জাৱ, হাৰিয়ানা, দিল্লী, উত্তৰ প্ৰদেশ, বিহাৰ, পশ্চিমবংগৰ আদি ৰাজ্যৰ নিৱনুৱা যুৱক-যুৱতী উক্ত ভুৱা কল চেন্টাৰৰ লগত জড়িত হৈ আছিল । একাংশ যুৱক-যুৱতীয়ে কল চেন্টাৰৰ প্ৰকৃত উদ্দেশ্য বুজি নিজে আঁতৰি গৈছিল যদিও একাংশই ধনৰ লোভত নিয়োজিত হৈ আছে ভুৱা কল চেন্টাৰসমূহত ৷ উক্ত ঘটনাৰ লগত এগৰাকী আৰক্ষী বিষয়াৰ নামো সাঙোৰ খাইছিল ।

এ পি এছ চি কেলেংকাৰী

২০১৩ আৰু ২০১৪ চনত সংঘটিত হোৱা এ পি এছ চি কেলেংকাৰীৰ তদন্ত কৰাৰ বাবে গঠন কৰা বি‌ কে শৰ্মা আয়োগৰ প্ৰতিবেদনৰ ভিত্তিত বক্ৰপথেৰে চাকৰি লোৱা ৰাজপত্ৰিত বিষয়াৰ‌ বিৰুদ্ধে ৰাজ চৰকাৰে পুনৰ গঠন কৰা এছ আই টিয়ে ৩৪ গৰাকী ৰাজপত্ৰিত বিষয়াৰ বিৰুদ্ধে তদন্ত আৰম্ভ বৰ্তমান অব্যাহত ৰাখিছে । এ পি এছ চি কেলেংকাৰীৰ তদন্ত কৰা ন্যায়িক আয়োগে ৩৪ গৰাকী ৰাজপত্ৰিত বিষয়াৰ জালিয়াতি তথ্যসহ আঙুলিয়াই দিয়াৰ পাছত ৰাজ্য চৰকাৰে ইয়াৰে ২৩ গৰাকীক চাকৰিৰ পৰা নিলম্বন কৰিছে । বক্ৰপথেৰে এ পি এছ চিৰ চাকৰি লোৱা পাঁচগৰাকীক অতিৰিক্ত আৰক্ষী অধীক্ষক ঐশ্বর্য জীৱন বৰুৱা আৰু শ্বাহজাহান সৰকাৰ, সহকাৰী নিয়োগ বিষয়া ৰাকেশ দাস, ৱাহিদা বেগম, মহানগৰ আৰক্ষীৰ এ ডি চি পি সুকন্যা দাসক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে । ইপিনে ৰাকেশ‌ পালৰ সময়ত APSCৰ প্ৰাক্তন প্ৰধান পৰীক্ষা নিয়ন্ত্ৰক নন্দ বাবু সিঙকো গ্ৰেপ্তাৰ কৰা হৈছে । বৰ্তমানো তদন্ত অব্যাহত আছে ।

ভূমিৰ নথি জালিয়াতি

গুৱাহাটীৰ ভূমিৰ মাটি জালিয়াতি গোচৰৰ তদন্তত ন ন তথ্য পোহৰলৈ আহিছে । মহানগৰ আৰক্ষীৰ চাইবাৰ কোষে ভূমিৰ নথি জালিয়াতিৰ গোচৰত ইতিমধ্যে প্ৰায় ২৮ জনক গ্ৰেপ্তাৰ কৰিছে । ইয়াৰে ভিতৰত আছে গুৱাহাটীৰ উপ-পঞ্জীয়কৰ কাৰ্যালয়ৰ কৰ্মচাৰী, মণ্ডল, অধিবক্তা আৰু দালাল ৷ মহানগৰ আৰক্ষীয়ে গুৱাহাটীৰ ভূ-মাফিয়াৰ বিৰুদ্ধে তীব্ৰ অভিযান অব্যাহত ৰাখিছে । এই অভিযানৰ অংশ হিচাবে যোৱা ২৬ নৱেম্বৰৰ নিশা গুৱাহাটীৰ লালুংগাঁৱত আৰক্ষীৰ এনকাউণ্টাৰত আহত হৈছে ৰমেন মদাহি নামৰ ভূ-মাফিয়া এটা । অবৈধভাৱে মাটি হস্তান্তৰ কৰা দালালচক্ৰ মহানগৰ আৰক্ষীয়ে উৎখাত কৰাৰ পাছতে জালিয়াতিৰে মাটি হস্তান্তৰ কৰা ন ন তথ্য পোহৰলৈ আহিছে । এই দালাল চক্ৰটোত আছে একাংশ চৰকাৰী বিষয়া-কৰ্মচাৰী আৰু অধিবক্তা । বশিষ্ঠ থানাত এজন ভুক্তভোগীয়ে দিয়া এজাহাৰৰ ভিত্তিত ৬৪৫/২৩ নম্বৰত এটা গোচৰ ৰুজু হোৱাৰ লগতে দিছপুৰ ৰাজহ চক্ৰ বিষয়া পাপু গগৈয়ে ভুৱা নামজাৰি সন্দৰ্ভত চাইবাৰ থানাত এজাহাৰ দাখিল কৰিছিল । উক্ত এজাহাৰৰ ভিত্তিত ১২/২৩ নম্বৰত গোচৰ ৰুজু কৰাৰ পাছত তদন্তত পোহৰলৈ আহে ভূমি কেলেংকাৰীৰ ক’লা অধ্যায় । দালাল চক্ৰটোৱে চৰকাৰী-বেচৰকাৰী উভয় পক্ষৰ সহযোগত দীর্ঘদিনৰ পৰা বিশেষকৈ গুৱাহাটী অবৈধভাৱে ভূমি জালিয়াতি কৰি কৰি আহিছে । মূলতঃ তিনিটা প্ৰক্ৰিয়াৰ মাধ্যমেৰে পৰিচালিত হয় ভুৱা নামজাৰিৰ প্ৰক্ৰিয়া । যিকোনো এটুকুৰা মাটি ক্ৰয়-বিক্ৰয়ৰ সময়ত প্ৰথমতে সংশ্লিষ্ট জিলাৰ উপ-পঞ্জীয়কৰ কাৰ্যালয়ত পঞ্জীয়ন কৰাব লাগে । মাটিখিনি কিনা-বেচা কৰা উভয়পক্ষই উপ-পঞ্জীয়কৰ কাৰ্যালয়লৈ সোঁশৰীৰে গৈ স্বাক্ষৰ, আবেদন জমা তথা বায়'মেট্ৰিক্স প্ৰদানকে ধৰি আনুষংগিক কামবোৰ কৰাটো নিয়ম । যদি কিবা কাৰণত উভয় পক্ষ উপ-পঞ্জীয়ক কার্যালয়ত উপস্থিত থাকিব নোৱাৰেও তেতিয়া আন এটা প্ৰক্ৰিয়া আছে, যিটো 'কমিছনিং' বুলি জনাজাত । উক্ত প্ৰক্ৰিয়াত নিয়ম মতে উপ-পঞ্জীয়ক কাৰ্যালয়ৰ কর্তৃত্বপ্ৰাপ্ত কর্মচাৰীয়ে মাটি কিনা অথবা বেচা লোকজনৰ ঘৰলৈ গৈ স্বাক্ষৰকে ধৰি আন নিয়মবোৰ সম্পাদন কৰি এখন জাননী দি থৈ আহিব লাগে ।

দেখাত সাধাৰণ যেন লাগিলেও প্ৰক্ৰিয়াটোৰ পৰা আৰম্ভ হয় নামজাৰিৰ জালিয়াতিৰ প্ৰাথমিক কাম-কাজ । ভূ-মাফিয়া চক্ৰই প্ৰথমতে ভাল মাটি যদিহে ক'ৰবাত প্ৰত্যক্ষ কৰে, তেতিয়া উপ-পঞ্জীয়ক কার্যালয়লৈ আহি তাৰ খবৰ-খাটি লৈ মাটিডোখৰৰ ডাগ নং, পট্টা নং সংগ্ৰহ কৰে । তাৰ পাছত যদিহে মাটিখিনি দখল থকা পৰিয়ালটো শাৰীৰিক অথবা আৰ্থিকভাৱে দুৰ্বল হয়, তেন্তে কমিছনিং পদ্ধতিটোৰ জৰিয়তে ভুৱাকৈ উক্ত লোকজনৰ মাটিডোখৰ বিক্ৰী কৰাৰ বাবে প্ৰয়োজনীয় সকলো নথি-পত্ৰ, জাননী প্ৰস্তুত কৰি উপ-পঞ্জীয়ক কাৰ্যালয়ত পূৰ্বৰে পৰা থকা তেওঁলোকৰ চৰকাৰী এজেন্টক দিয়ে । তাৰ পাছত উপ-পঞ্জীয়ক কাৰ্যালয়ৰ দুর্নীতিগ্ৰস্ত চৰকাৰী কৰ্মচাৰী-বিষয়াই নিজৰ অধিবক্তাৰ সৈতে আলোচনা কৰি ভুৱাকৈ দুই পক্ষৰ বিক্ৰী দলিল প্ৰস্তুত কৰে ।

লগতে পঢ়ক: আশাৰ খবৰ: দৰ্শক পুনৰ উভতিছে ছবিগৃহলৈ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.