Snatching incident in Guwahati:মহিলাৰ পৰা মোবাইল কাঢ়ি আৰক্ষীৰ জালত ৩ চিলনী চোৰ

By ETV Bharat Assamese Team

Published : Oct 19, 2023, 4:59 PM IST

thumbnail

গুৱাহাটী, ১৮ অক্টোবৰ : গুৱাহাটী মহানগৰীত বাঢ়িছে চিলনী চোৰৰ সন্ত্ৰাস । স্মাৰ্ট আৰক্ষীক ভেঙুচালি কৰি প্ৰত্যেক দিনাই ঘটনা সংঘটিত কৰিছে চিলনী চোৰে ৷ পিষ্টল দেখুৱাই ডিঙিৰ পৰা চেইন কাঢ়ি নিয়াকে ধৰি হাতৰ পৰা মোবাইল থপিওৱা চিলনী চোৰে সন্ধ্যা, ৰাতিটো বাদেই দিনতেই মহানগৰবাসীৰ টোপনি নাইকিয়া কৰিছে ৷

এইবাৰ মহানগৰীৰ চেনিকুঠিত চিলনী চোৰে মহিলাৰ হাতৰ পৰা কাঢ়ি নিলে মোবাইল ফোন । ভুক্তভোগী মহিলাগৰাকী হৈছে জেষ্মিনা চুলতানা । জানিব পৰা মতে, জেষ্মিনা চুলতানা নামৰ মহিলাগৰাকীৰ পৰা বৃহস্পতিবাৰে দিনৰ ভাগত মোবাইল ফোন কাঢ়ি চিলনী চোৰে পলায়নৰ চেষ্টা কৰে ৷ ঘটনা প্ৰত্যক্ষ কৰি স্থানীয় ৰাইজে খেদি খেদি কৰায়ত্ত কৰি উত্তম-মধ্যম সোধাই চোৰ দুটাক গতাই দিয়ে চান্দমাৰী আৰক্ষীক । ধৃত দুইৰ চোৰৰ স্বীকাৰোক্তিৰ ভিত্তিত আৰু এটা চিলনী চোৰক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে । ধৃত চিলনী চোৰ তিনিটা হৈছে আইনুল আলি, ইউনুজ আলি আৰু ভৱতোষ দাস । ঘটনা সন্দৰ্ভত চান্দমাৰী আৰক্ষীয়ে থানত ২১৪/২৩ নম্বৰত এটা গোচৰ ৰুজু কৰি আৰম্ভ কৰিছে তদন্ত ।

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.