ETV Bharat / state

Chain snatchers: মহানগৰ আৰক্ষীৰ জালত দুই চিলনী চোৰ

author img

By ETV Bharat Assamese Team

Published : Oct 11, 2023, 10:24 PM IST

চিলনী চোৰে জলাকলা খুৱাইছে মহানগৰবাসীক । সন্ধ্যাটো বাদেই পুৱাও চিলনী চোৰৰ উপদ্ৰৱত ওলাব নোৱৰা হৈছে মহানগৰবাসী । ইয়াৰ মাজতে অধিবক্তাৰ ডিঙিৰ পৰা সোণৰ চেইন কাঢ়ি নিয়া দুই চিলনী চোৰ জালত পৰিল আৰক্ষীৰ ।

Chain snatchers arrested in guwahati
মহানগৰ আৰক্ষীৰ জাত দুই চিলনী চোৰ

গুৱাহাটী,১১ অক্টোবৰ: মহানগৰীত বৃদ্ধি পাইছে অপৰাধজনিত ঘটনা । অপৰাধীৰে ভৰি পৰিছে গুৱাহাটী চহৰ । কেতিয়াবা যদি ডকাইতিৰ ঘটনা আন কেতিয়াবা আকৌ হত্যা । এনেবোৰ ঘটনাৰ পৰিপ্ৰেক্ষিতত শংকিত স্মাৰ্টি চিটী হিচাপে অভিহিত গুৱাহাটী মহানগৰত বসবাস কৰা মহানগৰবাসী । বিশেষকৈ চিলনী চোৰৰ সন্ত্ৰাসত সন্ধ্যাটো বাদেই পুৱাও ঘৰৰ পৰা ওলাবলৈ ভয় কৰা হৈছে মহানগৰবাসীয়ে ।

এইবাৰ ঘটনাৰ স্থান ৰাজগড় । কেইদিনমান পূৰ্বে কৃত্ৰিম বানত জলাকলা খোৱা ৰাজগড়বাসীয়ে স্বাভাৱিক জীৱন ঘুৰাই পাই মুক্ত মনেৰে পুৱাৰ পৰা কৰি গৈছে নিজৰ কামসমূহ । কিন্তু ইয়াৰ মাজতে সোমবাৰে পুৱাই সংঘটিত হোৱা এক ঘটনাই চিন্তিত কৰি তুলিছে ৰাজগড়বাসীক । প্ৰাতঃভ্ৰমণলৈ অহা এগৰাকী মহিলা অধিবক্তাৰ ডিঙিৰ পৰা চিলনী চোৰে কাঢ়ি নিলে সোণৰ চেইন ।

প্ৰাতঃভ্ৰমণৰ পৰা ঘূৰি অহা অৱস্থাত সংঘটিত হৈছিল এই ঘটনা । অধিবক্তা মমিতা বৰাৰ ডিঙিৰ পৰা সোমবাৰে ২ দুৰ্বৃত্তই থপিয়াইছিল সোণৰ চেইন । চেইন চুৰিৰ এই সমগ্ৰ ঘটনা বন্দী হৈছিল CCTVত । CCTV ফুটেজৰ ওপৰত ভিত্তি কৰি আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয় দুই চিলনী চোৰক । মঙলবাৰে নিশা চান্দমাৰী আৰক্ষীয়ে আটক কৰে ২ চিলনী চোৰক ।

ইতিমধ্যে মমিতা বৰাই চিনাক্ত কৰিছে ২ দুৰ্বৃত্তক । লগতে আৰক্ষীয়ে জব্দ কৰে দুৰ্বৃত্তই ব্যৱহাৰ কৰা পালছাৰ বাইকখন । বাইকখনৰ নম্বৰ AS01 BQ8345 । উল্লেখযোগ্য সোমবাৰে মহানগৰীৰ ৰাজগড়ৰ ১২ নম্বৰ বাইনলেনৰ কুণ্ডিল নগৰত সংঘটিত হৈছিল এই ঘটনা । গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা মমিতা বৰাই প্ৰাতঃভ্ৰমণলৈ যোৱাৰ সময়তে সংঘটিত হৈছিল এই ঘটনা । প্ৰায় ৩ মিনিট দূৰ্বৃত্তৰে অকলে যুঁজে ভুক্তভোগী মমিতা বৰাই । তাৰ পিছত হস্তনিৰ্মিত পিষ্টল দেখুৱাই ভাবুকি দি কাঢ়ি নিছিল চেইনডাল ।

লগতে পঢ়ক: Chain snatching incident: পিষ্টল দেখুৱাই মহিলাৰ ডিঙিৰ পৰা চোৰে কাঢ়িলে সোণৰ চেইন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.