Chandrayaan-3 themed Pandal: গুৱাহাটীত চন্দ্ৰযান-3 ৰ আৰ্হিত সাজি উলিওৱা হল গণেশ পূজা মণ্ডপ

By ETV Bharat Assamese Team

Published : Sep 18, 2023, 11:01 PM IST

thumbnail

নিউজ ডেস্ক, 18 ছেপ্টেম্বৰ :  আজিৰ পৰা আৰম্ভ হৈছে গণেশ চতুৰ্থী ৷ দেশৰ ভিন্ন প্ৰান্তত বিভিন্ন নীতি-নিয়মেৰে গণেশ বাবাক কৰা হৈছে পূজা অৰ্চনা ৷ গুৱাহাটীৰ এখন গণেশ পূজা মণ্ডপত দেখা গ’ল ব্যতিক্ৰমী দৃশ্য ৷ 30 ফুট উচ্চতাৰ গণেশ মূৰ্তি স্থাপন কৰাৰ লগতে আটক ধুনীয়াকৈ সজাই পৰাই তোলা হৈছে পূজা মণ্ডপ ৷  

প্ৰতিজন ভাৰতীয়ৰ বাবে গৌৰৱ চন্দ্ৰযান-3 ৰকেট আৰ্হিৰে এইবাৰ গুৱাহাটীত নিৰ্মাণ কৰা হৈছে গণেশ পূজা মণ্ডপ ৷ ড৹ ভীমৰাও আম্বেদকাৰ যুৱ সমাজৰ প্ৰচেষ্টাত সাজু কৰা হৈছে চন্দ্ৰযান-3 ৰকেট আৰ্হিৰ সেই বিশেষ পূজা মণ্ডপ ৷ আয়োজক কমিটিয়ে জানিবলৈ দিয়া অনুসৰি, ‘‘36 বছৰে গণেশ পূজা পালন কৰি আহিছে ড৹ ভীমৰাও আম্বেদকাৰ যুৱ সমাজে ৷ এইবাৰ 37 বছৰত ভৰি দিলে গণেশ পূজা পালনৰ ৷ কলিকতাৰ পৰা অহা 9 জনীয়া কাৰিকৰে নিৰ্মাণ কৰি উলিয়াইছে এই বিশেষ পূজা মণ্ডপটো ৷’’ 

লগতে পঢ়ক:Safai Karmi Protest in Guwahati: ক’ভিড যোদ্ধালৈ পিঠি দিলে নেকি মুখ্যমন্ত্ৰীয়ে !

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.