ETV Bharat / state

Safai Karmi Protest in Guwahati: ক’ভিড যোদ্ধালৈ পিঠি দিলে নেকি মুখ্যমন্ত্ৰীয়ে !

author img

By ETV Bharat Assamese Team

Published : Sep 18, 2023, 4:18 PM IST

Safai Karmi Protest in Guwahati
ক’ভিড যোদ্ধালৈ পিঠি দিলে নেকি মুখ্যমন্ত্ৰীয়ে !

সপ্তম দিনাও প্ৰতিবাদ অব্যাহত ৰাখিছে চাফাইকৰ্মীয়ে ৷ চাকৰি নিয়মীয়াকৰণৰ দাবীত প্ৰতিবাদ ক’ভিডৰ সময়ত কোৱাৰেণ্টাইন চেন্টাৰ আৰু ক'ভিড চিকিৎসালয়সমূহত নিয়োজিত চাফাইকৰ্মীৰ ৷

ক’ভিড যোদ্ধালৈ পিঠি দিলে নেকি মুখ্যমন্ত্ৰীয়ে !

গুৱাহাটী, 18 ছেপ্টেম্বৰ : কেনে আছে মহামাৰী ক’ভিডৰ সময়ত যোদ্ধা আখ্যা পোৱা স্বাস্থ্যকৰ্মীসকল ? ক’ভিডৰ সময়ত নিজৰ জীৱনকো তুচ্ছ জ্ঞান কৰি কোৱাৰেণ্টাইন চেন্টাৰ, ক'ভিড চিকিৎসালয়সমূহত চাফাইকৰ্মী হিচাপে নিয়োজিত হৈছিল প্ৰায় 1,324 গৰাকী চাফাই কৰ্মীক ৷ ক’ভিড মহামাৰীৰ ভৰপক সময়ত কোৱাৰেণ্টাইন চেন্টাৰ আৰু ক'ভিড চিকিৎসালয়সমূহত নিয়োজিত 1,328 গৰাকী চাফাইকৰ্মীৰ চাকৰি নিয়মীয়া কৰাৰ তেতিয়াই প্ৰতিশ্ৰুতি দিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷

কিন্তু মহামাৰীও গ’ল চাফাইকৰ্মীসকললৈ আহিল ঘোৰ অমানিশা ৷ চাফাই কৰ্মীসকলৰ চাকৰি নিয়মীয়াকৰণৰ নহ’ল ৷ যাৰ বাবে চাকৰি নিয়মীয়াকৰণৰ দাবীত মহানগৰী চচলত চাফাই কৰ্মীসকলে প্ৰতিবাদ কৰা আজি প্ৰায় 7 দিনে ওকলিল ৷ দুৰ্ভগীয়া চাফাইকৰ্মীৰ প্ৰতিবাদৰ ভাষা বুজি নাপাই নেকি ৰাজ্য চৰকাৰে ! 11 ছেপ্টেম্বৰৰ পৰা আমৰণ অনশন কাৰ্যসূচীৰে আজি পৰ্যন্ত প্ৰতিবাদ অব্যাহত ৰাখা চাফাইকৰ্মীসকলৰ খবৰ ল’বলৈ আহৰি নহ’ল চৰকাৰ তথা প্ৰশাসনৰ ৷

সেয়ে ন্যায্য প্ৰাপ্তিৰ দাবীত গীতা-ভাগৱত পাঠ, পিপিই কিট (PPE KIT) পিন্ধি চাফাইকৰ্মীয়ে সপ্তম দিনাও মহানগৰীৰ চচলত আমৰণ অনশন কাৰ্যসূচী অব্যাহত ৰাখিছে ৷ ‘‘মুখ্যমন্ত্ৰী বিশ্ব শৰ্মাই আমাক বিশ্বাসঘাতকতা কৰিছে ৷ তেওঁ প্ৰতিশ্ৰুতি পালন কৰিবলৈ পাহৰি গৈছে ৷ আমাক তুচ্ছ বুলি ভাবিছে চৰকাৰে ৷ সেয়ে আমি মৰি যোৱাই ভাল হ’ব ৷ সেয়ে খোৱাপানী সুবিধা অবিহনে, নিশা হলে লাইটৰ অভাৱ আৰু মহৰ কামোৰত প্ৰতিবাদ অব্যাহত ৰাখিছো ৷ আমাৰ কিবা এটা হলে চাবলৈ নাই এজনো স্বাস্থ্যকৰ্মী ৷’’এই দৰে প্ৰতিবাদস্থলীৰ পৰাই আক্ষেপ প্ৰকাশ কৰিছে প্ৰতিবাদকাৰী চাফাইকৰ্মীয়ে ৷

সদৌ অসম ক'ভিড-১৯ চাফাই কৰ্মী সন্থাৰ উদ্যোগত চলা প্ৰতিবাদী কার্যসূচীৰ সময়তে অসুস্থ হৈ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ থকা কৰুণা কান্ত পাঠকে সোমবাৰে পুনৰ আমৰণ অনশন কাৰ্যসূচীত ভাগ লয় ৷ ইফালে প্ৰতিবাদকাৰী চাফাই কৰ্মীসকলৰ কাষত সোমবাৰে উপস্থিত হয় অনুসূচীত জাতি যুৱ ছাত্ৰ পৰিষদ,অসমৰ সভাপতি ৰুবুল দাস ৷

লগতে পঢ়ক:Lee Kuan Yew Exchange Fellowship: ছিংগাপুৰ চৰকাৰলৈ কিয় পত্র প্ৰেৰণ কৰিব ভূপেন বৰাই ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.