ETV Bharat / state

Lee Kuan Yew Exchange Fellowship: ছিংগাপুৰ চৰকাৰলৈ কিয় পত্র প্ৰেৰণ কৰিব ভূপেন বৰাই ?

author img

By ETV Bharat Assamese Team

Published : Sep 17, 2023, 10:40 PM IST

মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মালৈ আগবঢ়োৱা হৈছে লি কুয়ান য়ু এক্সছেঞ্জ ফেল’শ্বিপ ৷ ৰাজহুৱা সেৱা আৰু উন্নয়নত সমৰ্পিত নেতৃত্ব প্রদান কৰাৰ বাবে তেওঁক ছিংগাপুৰৰ এই সন্মানীয় ফেল’শ্বিপ আগবঢ়োৱা হৈছে ৷ লি কুয়ান য়ু ফেল'শ্বিপৰ অংশ হিচাবে মুখ্যমন্ত্ৰীক ছিংগাপুৰ ভ্ৰমণৰ বাবে আমন্ত্রণ জনোৱা হৈছে ৷

APCC president Bhupen Bora
প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা

গুৱাহাটী, ১৭ ছেপ্টেম্বৰ: মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মালৈ ছিংগাপুৰ চৰকাৰে আগবঢ়োৱা বিশেষ সন্মানক লৈ অসন্তুষ্ট প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা । উল্লেখ্য যে ৰাজহুৱা সেৱা আৰু উন্নয়নত সমৰ্পিত নেতৃত্ব প্রদান কৰা বাবে মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মালৈ ছিংগাপুৰৰ সন্মানীয় লি কুয়ান য়ু এক্সছেঞ্জ ফেল’শ্বিপ আগবঢ়োৱা হৈছে । কিন্তু মুখ্যমন্ত্রীলৈ আগবঢ়োৱা এই সন্মানকলৈ মুঠেই সন্তুষ্ট নহয় ভূপেন বৰা । আনকি তেওঁ এই সন্মান প্ৰত্যাহাৰ কৰাৰ বাবে ছিংগাপুৰ চৰকাৰলৈ প্ৰেৰণ কৰিব পত্র ।

আজি এক বিবৃতিত ভূপেন বৰাই কয় যে তেওঁ ভাৰতত থকা ছিংগাপুৰৰ দূতাবাসৰ জৰিয়তে ছিংগাপুৰ চৰকাৰলৈ পত্র প্ৰেৰণ কৰিব । এই পত্রৰ যোগেদি মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মালৈ আগবঢ়োৱা দেশখনৰ সন্মানৰ লি কুয়ান য়ু এক্সছেঞ্জ ফেল’শ্বিপ প্ৰত্যাহাৰ কৰিবলৈ আহ্বান জনাব । তেওঁ কয় যে অসমৰ মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মা এনে সন্মানৰ বাবে উপযুক্ত নহয় । ছিংগাপুৰৰ পিতৃ লি কুয়ান য়ু এজন দৃষ্টান্তমূলক ৰাজনীতিবিদ আছিল যিয়ে জীৱন সততা, কঠোৰ পৰিশ্ৰম আৰু সভ্যতা প্ৰদৰ্শন কৰিছিল । আনহাতে, মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা ইয়াৰ বিপৰীতধৰ্মী এজন ৰাজনীতিক ।

তেওঁ পুনৰ কয় যে হিমন্ত বিশ্ব শৰ্মাৰ ট্ৰেক ৰেকৰ্ড আৰু কাৰ্যকলাপ লি কুয়ান য়ুৰ দ্বাৰা বৰ্তাই ৰখা নীতিৰ সম্পূৰ্ণ বিপৰীত । এই সন্দৰ্ভত তেওঁ যুক্তি প্ৰদৰ্শন কৰি কয় যে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে বিত্তীয় কেলেংকাৰীৰ বহুকেইটা অভিযোগ আছে ।

আনহাতে, মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই নিয়মীয়াকৈ সংখ্যালঘুসকলৰ বিৰুদ্ধে অত্যন্ত সাম্প্ৰদায়িক মন্তব্য কৰে । তেওঁ লগতে কয় যে হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত বিজেপি চৰকাৰে নাগৰিকসকলক মৌলিক সেৱা প্ৰদান কৰাত ব্যৰ্থ হৈছে আৰু একে সময়তে ৰাজ্যখনৰ ঋণ বৃদ্ধি পাইছে । যাৰ বাবে তেওঁ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মালৈ আগবঢ়োৱা এই সন্মানৰ বিৰোধিতা কৰিছে আৰু এই সন্মান প্ৰত্যাহাৰ কৰাৰ বাবে ছিংগাপুৰ চৰকাৰলৈ পত্র প্ৰেৰণ কৰিব ।

উল্লেখ্য যে আজি দিনৰ ভাগত মুখ্যমন্ত্রীৰ কাৰ্যালয়ে বিবৃতি যোগে উল্লেখ কৰে যে ৰাজহুৱা সেৱা আৰু উন্নয়নত সমৰ্পিত নেতৃত্ব প্রদান কৰাৰ বাবে মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মালৈ ছিংগাপুৰৰ সন্মানীয় লি কুয়ান য়ু এক্সছেঞ্জ ফেল’শ্বিপ আগবঢ়োৱা হৈছে । লি কুয়ান য়ু ফেল'শ্বিপৰ অংশ হিচাপে মুখ্যমন্ত্ৰীক ছিংগাপুৰ ভ্ৰমণৰ বাবে আমন্ত্রণ জনোৱা হৈছে । দেশৰ বিকাশ আৰু ছিংগাপুৰৰ সৈতে দ্বিপাক্ষিক সম্পর্ক আগুৱাই নিয়াৰ দিশত আগবঢ়োৱা অৱদানৰ সন্মান স্বৰূপে এই ফেল'শ্বিপ বিশিষ্ট ব্যক্তিসকলক প্ৰদান কৰি অহা হৈছে ।

ছিংগাপুৰৰ প্ৰতিষ্ঠাপক প্ৰধানমন্ত্রী লি কুয়ান য়ু-এ ৰাষ্ট্ৰৰ প্ৰতি আগবঢ়োৱা অনৱদ্য অৱদানৰ প্ৰতি শ্রদ্ধা জ্ঞাপনার্থে লি কুয়ান য়ু এক্সছেঞ্জ ফেল’শ্বিপ প্ৰদান কৰি অহা হৈছে । এই ফেল'শ্বিপৰ পৃষ্ঠপোষক হৈছে ছিংগাপুৰৰ প্ৰধানমন্ত্রী । উন্নয়ন আৰু আন্তঃৰাষ্ট্ৰীয় সম্প্ৰীতিৰ দিশত আগবঢ়োৱা অপৰিসীম ভূমিকাৰ বাবে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক এই ফেল’শ্বিপৰ বাবে বাচনি কৰা হৈছে । এই বাতৰি প্ৰকাশৰ পাছতে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই এনেদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ।

লগতে পঢ়ক:CM Himanta Biswa Sarma: মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মালৈ ছিংগাপুৰৰ সন্মানীয় লি কুয়ান য়ু এক্সছেঞ্জ ফেল'শ্বিপ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.