Dighalipukhuri controversy: দীঘলীপুখুৰী বিতৰ্ক; চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা মীৰা বৰঠাকুৰৰ

By

Published : Jul 2, 2023, 5:44 PM IST

thumbnail

যোৰহাট, 2 জুলাই: ঐতিহাসিক দীঘলীপুখুৰীক ৰাজ্য চৰকাৰে গুজৰাটী বণিয়াক গতাই দিয়াক লৈ সৰ্বত্ৰে প্ৰতিক্ৰিয়া সৃষ্টি হৈছে ৷ এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অসম প্ৰদেশ মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰে ৷ 
কংগ্ৰেছ নেত্ৰীগৰাকীয়ে প্ৰশ্ন কৰি কয়, ‘‘এইখন চৰকাৰে এটা পুখুৰী ভালদৰে চলাব নোৱাৰি বহিৰাগত বণিয়াক গতাই দিছে ৷ সেইখন চৰকাৰে কেনেকৈ অসমখন চলাব ! বিজেপি চৰকাৰ কাৰ্যকালত এটা পিচত আন এটা অসমৰ ৰাজহুৱা খণ্ড বহিৰাগত প্ৰতিষ্ঠানক গতাই দি আহিছে । এই চৰকাৰৰ দিনত ৰাজ্যিক চিৰিয়াখানাৰ বন্যপ্ৰাণী এটাৰ পিচত আন এটা বন্যপ্ৰাণীক অম্বানীক গটাই দি আহিছে ।’’

দেওবাৰে দেৰগাঁৱৰ ঐতিহ্যমণ্ডিত খনিকৰ পুঁথি নামঘৰত উপস্থিত হয় নেত্ৰীগৰাকী ৷ ঐতিহ্যমণ্ডিত খনিকৰ পুঁথি নামঘৰত সেৱা লোৱাৰ পাচতে কংগ্ৰেছ নেত্ৰী মিৰা বৰঠাকুৰে বিজেপি চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰে ৷ 

লগতে পঢ়ক: Drunk couple: সুৰাপায়ী দম্পতীৰ তাণ্ডৱ, বৃদ্ধক গুৰুলা-গুৰুল প্ৰহাৰ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.