Gambling in Diwali : কুম্ভকৰ্ণ নিদ্ৰাত আৰক্ষী, কালী পূজাৰ নামত জুৱাৰ ৰমৰমীয়া ব্যৱসায়

By ETV Bharat Assamese Team

Published : Nov 13, 2023, 10:13 AM IST

Updated : Nov 13, 2023, 12:37 PM IST

thumbnail

জোনাই, ১৩ নৱেম্বৰ: ৰাজ্যজুৰি কালী পূজাৰ লগতে দীপাৱলীৰ উখল মাখল পৰিৱেশ ৷ ইয়াৰ মাজতে একাংশ দুষ্ট চক্ৰৰ গাখীৰতে ম’হৰ খুটি হৈছে ৷ প্ৰথমে চাওঁক এই দৃশ্য। মুক্তমনে জুমবান্ধি চলি আছে জুৱা খেল। চিলাপথাৰৰ ১ কাকবাৰী আৰু চিমেনমুখৰ কুলিবজাৰৰ দৃশ্য এয়া। 

দীপাৱলীৰ আলম লৈ একাংশ জুৱাৰীয়ে আৰক্ষীৰ চকুত ধূলি দি চলাই গৈছে জুৱাৰ লগতে অবৈধ মদৰ মুক্ত ব্যৱসায়। জুৱা খেলৰ সমগ্ৰ দৃশ্য বন্দী হৈছে সাংবাদিকৰ গোপন কেমেৰাত। জুৱাৰীৰ চিঞৰ বাখৰ, অবৈধ মদৰ দোকানে পূজাস্থলীৰ বাতাবৰণ কলুষিত কৰাৰ লগতে পৰিৱেশ বিনষ্ট কৰিছে। 

স্থানীয় ৰাইজে কৰা অভিযোগ অনুসৰি, আৰক্ষীক মেনেজ কৰি চিলাপথাৰৰ বিভিন্ন প্ৰান্তত কালী পূজাৰ নাম লৈ জুৱাৰীয়ে এনেদৰে মুক্তভাৱে চলাই গৈছে জুৱা খেল। ফলত শীঘ্ৰেই প্ৰশাসনক ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে স্থানীয় ৰাইজে ৷ 

লগতে পঢ়ক: Public Protest at Chachal: দীপাৱলীৰ বন্তি জ্বলাই শিলসাঁকোৰ উচ্ছেদিতই কামনা কৰিলে চৰকাৰৰ সুমতি

Last Updated : Nov 13, 2023, 12:37 PM IST

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.